পৃষ্ঠা:সুৰভি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )

“গুৰুঃ পিতা গুৰুৰ্মাতা গুৰুৰ্দেৱো নসংশয়ঃ।
কৰ্ম্মণা মনসা বাচা তস্মাৎ শিষ্যৈঃ প্ৰসেৱ্যতে॥
গুৰু প্ৰসাদতঃ সৰ্ব্বং লভ্যতে শুভমাত্ননঃ।
তস্মাৎ সেৱ্যো গুৰুনিৰ্ত্যমন্যথা ন শুভং ভবেৎ॥”

 “এনেকুৱা গুৰুহীন হৈ মই কিছুমান দিন পুৰুষোত্তম ক্ষেত্ৰত থাকি তাতে জনচেৰেক সন্ন্যাসী লগ পাই, পৰশুৰাম কুণ্ডলৈ যাবলৈ বুলি আহি এই কামৰূপ কামাখ্যা ওলালোহি, আৰু ইয়াতে মোৰ শেষ পদস্খলন হ'ল। মোব পূৰ্ব্ব প্ৰাক্তনৰ ফলত এই পাণ্ডৱ বৰ্জ্জিত দেশত মোব ভৰি পিছলিল, মই দোৰ্ঘোৰ নৰকৰ পল-বোকাত পৰিলোঁ। কেনেকৈ মোৰ সৰ্ব্বনাশ ঘটিল তাক চমুকৈ বন্দীয়ে দেউতাৰ চৰণত নিবেদন কৰোঁ। মই পৰশুৰাম কুণ্ডলৈ যাবলৈ আহি শিৱসাগৰ জিলা পাই মোৰ গা বেয়া হোৱা বাবে কিছুমান দিন জিৰাবৰ মনেৰে বলিয়াঘাট বোলা ঠাইব গাঁও এখনৰ এটা ৰাজহুৱা নামঘৰত ঠাই ললোঁ। মোৰ লগৰীয়া সন্ন্যাসীবিলাক দুই চাৰি দিনৰ পিচতে মোক এৰি পৰশুৰাম কুণ্ডৰ ফালে গুচি গ'ল; মই মোৰ গা ভাল নোপোৱা বাবে তেওঁলোকৰ লগত যাব নোৱাবিলোঁ। সেই গাঁৱৰ মানুহবিলাকব যত্ন আৰু সেৱা শুশ্ৰূষাত এমাহমানৰ মূৰত যদিও মই মোৰ গা টঙাব পৰা হ'লোঁ, তথাপি তেওঁলোকৰ মোলৈ আস্তিক আৰু শ্ৰদ্ধাৰ ভাব দেখি মই নামঘৰতে নাম প্ৰসঙ্গ শুনি আৰু কিছুমান দিন থাকিবলৈ মনস্থ কৰিলোঁ। এইদৰে থাকোঁতে থাকোঁতে তাতে প্ৰায় ছমাহ হ'লগৈ। মোৰ শাস্ত্ৰজ্ঞান আৰু ধৰ্ম্মালাপ, বিশেষকৈ বৈষ্ণৱ ধৰ্ম্ম বিষয়ে উপদেশ আদি শুনি গাঁৱৰ সকলোৰে মোৰ ওপৰত ভকতি বাঢ়িল। মোৰ আগৰ পৰা গাখীৰ, কল, কুঁহিয়াৰ, ভাৰ-ভেটী নুগূচা হ'ল। মোৰ শৰীৰ ৰক্ষাৰ নিমিত্তে যিমান খোৱা বস্তুৰ আৱশ্যক, তাতকৈ এশগুণে সৰহ বস্তু মোৰ কাষত গোট খাবলৈ ধবিলে; আৰু লগে লগে মোৰ ভোজনৰ জোখও নেবাঢ়ি নেথাকিল। ভুৰি ভোজ্য আৰু ভোজনৰ লগতে ভোজ্য বস্তুৰ ওখ আৰু নীহ কুলৰ বিচাৰ কৰিবৰ পৰ্কিতিয়েও মোৰ গাত ঠাই ললে। মানিকী মধুৰী জহা আৰু গৰুণপখী ধানৰ চাউলে মোৰ জিভাত, সিহঁতৰ ভিতৰত থকা প্ৰভেদ জ্ঞান উৎপাদন কৰিবলৈ ধৰিলে। মলখু চাউল, মলঙা চাউল, ভাল আটাগুৰি, বেয়া আটাগুৰি, ভাল ঘিঁউ, কৰুৱা