পৃষ্ঠা:সুধন্বাবধ পৰ্ব্ব.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৩১]


সভামাজে দ্ৰৌপদীক, কুৰুগণে নাঙ্গটাৱে,
 বস্ত্ৰ হয়া কৰিলা ৰক্ষণ॥
অনাথৰ নাথ গতি  ত্ৰাহি ত্ৰাহি যদুপতি,
 তুমি প্ৰভু জগতৰে বাপ।
সিবেলাত কুমৰক, শক্তি নাহি চাহিবাক,
 শুনন্তে দেখন্তে লাগে তাপ॥
আকাশত দেৱগণে  চাহি আছে ৰঙ্গমনে,
 জৈমিনি বোলয় জন্মিজয়।
সত্যত থাকিয়া দেখা,  আপন পুত্ৰৰ বেথা,
 এৰিলেক হংসধ্বজৰায়॥
শুনিয়োক সভাসদ, ভাৰতৰ পুণ্যপদ,
 জানি এৰিয়েক আন কাম।
কৃষ্ণক সুমৰি মনে, ৰাম সৰস্বতী ভণে,
 নিৰন্তৰে বোলা ৰাম ৰাম॥

 

পদ।

হেন স্তুতি কৰিলন্ত সুধন্বা কুমৰ।
মহাতুষ্ট ভৈল প্ৰভু দেৱ গদাধৰ॥
কাৰুণ্য হৃদয় নাৰায়ণ হৃষিকেশ।
আপুনি ভৈলন্ত সেহি তৈলত প্ৰবেশ॥
অগ্নিসম তৈল কৰে উথল পাথল।
সুধন্বাৰ শৰীৰ যে ভৈলক শীতল॥