এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩০]
ত্ৰাহি ত্ৰাহি নাৰায়ণ, সুধন্বা যে সুমৰয়
তপত তৈলত মাৰে মোক।
অধৰ্ম্ম শৰীৰ আৰ, মই অতি দুৰাচাৰ,
হে নাথ ৰক্ষা কৰা মোক॥
মোহ সাগৰত পৰি, নচলয় হাত ভৰি,
ত্ৰাহি ত্ৰাহি জগতৰ বাপ।
তোমাৰ চৰণে ধৰি প্ৰণাম কৰোহো পৰি,
কোন পাপে ভূঞ্জো এত তাপ॥
জীৱনক নসাধোহো, মৰণক নবাঞ্ছোহো,
প্ৰাণ যাওক তোমাকেসে স্মৰি॥
ক্ষেত্ৰিকুলে উপজিয়া, মৰো মই নুযুজিয়া,
কুযশে ঢাকিলে বসুন্ধৰী॥
আৰ এক কাৰ্য্য মই, সুমৰওঁ অতিশয়,
কৃষ্ণ অৰ্জ্জুনক নেদেখিলো।
সুবৰ্ণ পুংশিষাবান, নভৈল শোনিত পান,
ইহাৰেসে ক্ষুধা না পাইলোঁ॥
গাণ্ডীৱ ধনুৰ শৰে, নেভেদিলে কলেৱৰে,
এতেক হাসিবে সৰ্ব্বলোক।
অগ্নিদাহে পুৰিমৰো, তোমাৰ চৰণে ধৰো,
নাৰায়ণ উদ্ধাৰিও মোক।
তো হৃদয়ে ধৰি, অসুৰ স্বভাৱ এৰি,
দিব্য পাদ পদ্ম বিদ্যমান।