৮৬ সাৰনিত্যক্রিয়া
অপৰাধ কৰিছো বা কৰিম তাক আপুনি নিজগুণে আমাৰ সকলে। অপৰাধ ক্ষমা কৰি আমাক পৰমানন্দ আনন্দে ৰাখি শান্তি বিধান কৰক। হে অন্তর্যামী আপুনি মঙ্গলময়, মঙ্গল কৰােক। আপো- নাক পূৰ্ণৰূপে বাৰম্বাৰ প্রণাম কৰো। হে অন্তর্যামী আমি আপােনাৰ শৰণাগত হলো। সন্তানে মাতা-পিতাৰ ওচৰত অপৰাধ কৰিলেও মাতা-পিতাই নিজগুণে সিহঁ- তৰ সকলাে অপৰাধ ক্ষমা কৰি সন্তানৰ মঙ্গল চেষ্টা কৰে, আপুনি জগতৰ মাতা-পিতা, আপুনি নিজগুণে চৰাচৰ আমাৰ সকলো অপ- ৰাধ ক্ষমা কৰি শান্তি বিধান কৰােক, আৰু যাতে চৰাচৰে আনন্দ ৰূপে কাল নিয়াব পাৰে তাৰ উপায় কৰি দিয়ক। | হে অন্তৰ্য্যামী জ্যোতিঃৰূপ গুৰু আপােনাৰ বাহিৰে এই আকাশত আৰু দ্বিতীয় কোনাে নাই যি চৰাচৰ আমাৰ সকলো অপৰাধ ক্ষমা কৰি মঙ্গল বিধান কৰিব । আপুনি কৃপা কৰি শান্ত হওক আৰু আমাৰ শান্তি বিধান কৰােক। আপুনি অনাদি শান্তি- স্বৰূপ আমাৰ অজ্ঞানতা দূৰ কৰি মন পবিত্র কৰি শান্তি বিধান কৰােক, যাতে আমি মুক্তম্বৰূপ পৰমানন্দে আনন্দৰূপ থাকিব পাৰে। আপােক আমি বাৰম্বাৰ পূৰ্ণ ৰূপে প্রণাম কৰে।। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।