পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেদান্তৰ সৃষ্টি প্ৰকৰণ

 পৰব্ৰহ্মৰ আশ্ৰিত মায়াৰ পৰা শব্দে সৈতে আকাশৰ উৎপত্তি,আকাশৰ পৰা বায়ু, বায়ুৰ পৰা অগ্নি, অগ্নিৰ পৰা জল, জলৰপৰা পৃথিবীৰ উৎপত্তি হয়, যিদৰে গাখীৰৰপৰা দৈ হয়। আকাশৰ পাঁচ তত্ত্বৰ ৰূপ আৰু গুণ; কাম, ক্ৰোধ, শোক, মোহ, ভয়। বতাহৰ পাচ তত্ত্বৰ ৰূপ আৰু গুণ , চলন, কথন, দৌৰণ, প্ৰসাৰণ, আকুঞ্চন। জুইৰ পাঁচ তত্ত্বৰ ৰূপ আৰু গুণ; ভোক, পিয়াহ, এলাহ,টোপনি, ভাগৰ। পানীৰ পাঁচ তত্বৰ ৰূপ আৰু গুণ; শুক্ৰ, তেজ,লাল, মূত্ৰ, ঘাম। পৃথিবীৰ পাঁচ তত্ত্বৰ ৰূপ আৰু গুণ; হাড়,মঙ্গহ, ছাল, নাড়ী, লোম। এই পচিশ তত্ত্বৰ সমষ্টিৰে চৰাচৰ স্ত্ৰী-পুৰুষৰ স্থল শৰীৰ গঠিত হৈছে। এই স্থুল শৰীৰৰ মাজত সপ্তদশ তত্ত্বৰ সূক্ষ্ম শৰীৰ হয়। যথা পাঁচ জ্ঞানেন্দ্ৰিয়, পাঁচ কৰ্ম্মেন্দ্ৰিয়, পাঁচ প্ৰাণ,মন আৰু বুদ্ধি এই সোতৰ তত্ত্বৰ সূক্ষ্ম শৰীৰ হৈছে। পাঁচ জ্ঞানেন্দ্ৰিয় যথা শ্ৰবণ, স্পৰ্শ, দৰ্শন, আস্বাদন, ঘ্ৰাণ। পাঁচ কৰ্ম্মেন্দ্ৰিয় যথা বাক, হস্ত, পদ, লিঙ্গ, গুহ্য। পাঁচ প্ৰাণ যথা প্ৰাণ, অপান,সমান, উদান, ব্যান।
  এই শৰীৰৰ মাজৰ অধিষ্ঠাত্ৰী দেৱতাসকলৰ নাম যথা শ্ৰবণৰ দেবতা দিক্পাল, দশদিক ব্যাপি স্থিতি, আকাশ ৰূপ ব্ৰহ্ম, শব্দ তাৰ বিষয়। ত্বকৰ দেবতা বায়ু, স্পৰ্শ তাৰ বিষয়। চক্ষুৰ দেৱতা সূৰ্য্যনাৰায়ণ, ৰূপ তাৰ বিষয়। জিভাৰ দেৱতা বৰুণ অৰ্থাৎ তেজ; সূৰ্য্যনাৰায়ণ, ৰস তাৰ বিষয়। ঘ্ৰাণৰ দেৱতা অশ্বিনীকুমাৰ অৰ্থাৎ জীবাত্মা অহঙ্কাৰ তেজৰূপ, গন্ধ তাৰ বিষয়। বাকৰ দেৱতা অগ্নি,