প্রার্থনা ৮৫
মঙ্গলময়, মঙ্গলস্বৰূপ, জ্যোতিঃৰূপে প্ৰকাশমান আছে, আপােক পূৰ্ণৰূপে বাৰম্বাৰ প্রণাম কৰো। হে অন্তর্যামী পূর্ণপৰব্ৰহ্ম জ্যোতিঃ- স্বৰূপ গুৰু আপুনি জগতৰ মাতা-পিতা গুৰু আত্মা, আপুনি অমৃত স্বৰূপ শান্তিময়। আমি বিষয় ভােগত আসক্ত হৈ আপোনাক পাহৰি আছো। আপুনি যে কি আমি চিনিব বা জানিব নােৱাৰো, কাৰণ আমি নিজে যে কি, আমাৰ স্বৰূপ কি, তাকে আমি নাজানাে, আপােনাক কেনেকৈ জানি বা চিনিম। যদিও আমি আপােনাক পাহৰি আছে৷ তথাপি হে অন্তর্যামী আপুনি নিজ গুণে আমাক নাপাহৰি আমাৰ সকলাে অপৰাধ ক্ষমা কৰি, পৰমানলে আনন্দৰূপ ৰাখি শান্তি বিধান কৰােক। আপােনাক আমি পূৰ্ণৰূপে বাৰম্বাৰ প্রণাম কৰে। | হে অন্তর্যামী জ্যোতিঃস্বৰূপ আমি যােগ তপস্যা উপাসনা ধ্যান ৰাৰণ। ভক্তি আৰু শ্রদ্ধা একোকে নাজানাে, আপােনাকে জানিব বা চিনিব নোৱাৰো, অপুনিয়েই আমাৰ বােগ তপস্যা উপাসনা ধ্যান ধাৰণা ভক্তি অাৰু শ্ৰদ্ধা। আমাৰ কি ক্ষমতা আছে যে আমি পুৰুকাৰ দ্বাৰাই আপােক পাব বা চিনিব পাৰিম । | হে অন্তযামী আমি ইচ্ছা কৰে যে ভােক পিয়াহ নালাগক, স্কুল শৰীৰ বা মনত কোনো প্রকাৰৰ দুঃখ-কষ্ট নহওক, দিন ৰাতি নহওক, আমাৰ টোপনি অজ্ঞানতা নহক, বাৰিষা, জাৰ, ঘাম নহওক, কিন্তু অন্তর্যামী, আমাৰ ইচ্ছত একোৱেই নহৈ আপােনা ইচ্ছাত যি সময় যি হবৰ সেয়ে হৈছে । যদি অামাৰ এই বিষয়ত কোনো ক্ষমতা থাকিল হেতেন তেনে অৱশ্যে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰিলে। হেতেন। হে অন্তৰ্য্যামী পূর্ণপৰব্ৰহ্ম জ্যোতিঃ স্বৰূপ গুৰু যদি আমি আগেয়ে, বর্তমানে, অথবা আগলৈ জ্ঞান বা অজ্ঞানৰ বশ হৈ কোনো