সমললৈ যাওক

পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
সাৰনিত্যক্রিয়া


পােৱা যায় তাকে যথাশক্তি দিব। ইয়াৰ মাজত কোনাে বস্তু নাপালে কেবল ঘৃত আৰু মিষ্ট হলেই হব। ভক্তিৰে যি তােমাৰ গােট খায় তাকে ভগবানৰ নামে দিবা। তেওঁ তাকে প্রীতিৰে গ্ৰহণ কৰিব।
 কাঠ সম্বন্ধে আম আৰু বেল পালে ভাল, নতুবা যি দেশত যি কাঠ পােৱা যায় তাতে দিব, অভাবত গােবৰ খুটিততো আহুতি দিব। ঈশ্বৰ ভাবগ্রাহী, যি লােকে প্রতি ভক্তিৰে যিহকে দিয়ে তেওঁ তাতে সন্তোষ হৈ গ্ৰহণ কৰে।

 কুণ্ডত কিম্বা মাটিৰ, পিতল অথবা তামৰ ধূপদানিত ৰাতিপুৱা

গ’ধুলি ঠাই আৰু দ্রব্যাদি পৰিষ্কাৰ কৰি ভক্তিৰে আহুতি দিব। অথবা ভক্তসকলৰ যি সময় সুবিধা হয় সেই সময়তে আহুতি দিব পাৰে।

প্রার্থনা

 ৰাতিপুৱা গধূলি অথবা আজৰি পালেই মানুহ মাত্রেই জগৎ মাতা-পিতা বিৰাট জ্যোতিঃস্বৰূপৰ সমুখে ঘৰৰ ভিতৰত কিম্বা বাহিৰত যি ঠাইতে হয় শ্রদ্ধা ভক্তিৰে বিনীতভাবে হাত জোৰকৈ প্রার্থনা কৰিব।

 হে পূর্ণপৰব্ৰক্ষ্ম জ্যোতিঃস্বৰূপ জগতৰ মাতা-পিতা গুৰু আত্মা,

আপুনিয়েই নিৰাকাৰ নিগুণ সাকাৰ সগুণ ত্রিগুণাত্মা জগত চৰাচৰ- কলৈ প্রত্যক্ষ পূৰ্ণৰূপে বিৰাজমান আছে। আপুনি অদ্বৈত, দ্বৈত- ৰূপে প্রকাশ পাইছে। আপুনি কাৰণ, সূক্ষ্ম, স্থুল, জগত, বিৰাট,