পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
আহুতিৰ মন্ত্ৰ প্ৰকৰণ


আৰু অগ্নিব্ৰহ্মত আহুতি দিয়া। এয়ে শাস্ত্ৰৰ মূল উদ্দেশ্য আৰু এয়ে পৰমাত্মাৰ অজ্ঞা। মানুহ মাত্ৰৰে ইয়াক পালন কৰা উচিত। ইয়াক কৰিলে নিৰাকাৰ সাকৰ পূৰূিপে সকলো দেব-দেবীৰ পূজা আৰু আহাৰ দিয়া হয়। ইয়াক নিশ্চয় সত্য সত্য জানিবা। যি নিমিত্তে পৰমাত্মাই দ্ৰব্যাদি উৎপন্ন কৰিহে সেই উদ্দেশ্য বিচাৰ কৰি প্ৰয়োগ কৰা মনুষ্যসকলৰ উচিত যাতে আপোনাৰ আৰু আনৰ কোনো প্ৰকাৰ কষ্ট নহয়, আৰু পৰমাত্মাৰ আজ্ঞা আৰু ধৰ্ম্ম পালন কৰা হয়। এইদৰে নকৰিলে পৰমাত্মাৰ অজ্ঞা পালন নহয়; অধৰ্ম্ম, জগতৰ অমঙ্গল আৰু কষ্ট হয়।

আহুতিৰ মন্ত্ৰ প্ৰকৰণ

 স্ত্ৰী আৰু পুৰুষ প্ৰভৃতি সকলোৱে অগ্নিত আহুতি তলত লেখা মন্ত্ৰৰে প্ৰদান কৰিব।
 “ওঁ বৰদে দেবি পৰমজ্যোতিঃব্ৰহ্মণে স্বাহা।”
 “ওঁ চৰাচৰ ব্ৰহ্মণে স্বাহা।”
 “ওঁ পূৰ্ণপৰব্ৰহ্মজ্যোতিস্বৰূপায় স্বাহা।”
 এই তিনি মন্ত্ৰ তিনি বাৰ কিম্বা পাচ বাৰ উচ্চাৰণ কৰি আহুতি দিব। ইচ্ছা হলে যত অধিক তত বাৰ অহতি দিব পাৰে, কিন্তু প্ৰত্যেক মন্ত্ৰত তিনি বাৰৰ কম দিয়া বিধি নহয়। আহুতি দিবৰ বস্তু গৰুঘৃত অভাবে মহিষধৃত আৰু মিষ্টান্ন, গুৰ, চিনি, প্ৰভৃতি আৰু চন্দনাদি সুগন্ধ আৰু মেওৱা, কিসমিস আৰু পায়স আদি এই সকলো দিব, যদি ইয়াৰ মাজত কোনো বস্তুৰ অভাৱ হয় যি