৮২ সাৰনিত্যক্রিয়া
খাৰৰ নিমিত্তে এই সকলল দিছে। সেই দৰে অন্তর্যামী পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অগ্নি অন্ধ মাতা-পিতাক চৰাচৰ পুত্র কন্যা স্ত্রী পুৰুষে শ্রদ্ধা ভক্তিৰে ভিতিৰ বস্তু ওঁ মন্ত্র পাঠ কৰি কিম্বা বিনা মন্ত্রে তেওঁক আহুতি দিলে তেওঁ গ্ৰহণ কৰিব । কাৰণ তেওঁ (চেতনময় সকলো বুজে। সাৰ চেতন শক্তি তুমি চেতন হৈ বুজিব পাৰিছা তেওঁ কি বুজিব নােৱাৰে ? আহুতি দিবৰ সময়ত শ্রদ্ধা আৰু ভক্তিৰে কব হে অন্তৰ্য্যাশী পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান জগত পিতা মাতা গুৰু আমি আপােনাৰ বস্তু আপােনাক ভক্তি শ্ৰদ্ধাৰে দিছে। আপুনি অনুগ্ৰহ কৰি গ্ৰহণ কৰােক। আমি এগছ। সামান্য তৃণ পৰ্যন্ত উৎপন্ন কৰিব নােৱাৰে। আমাৰ কি বস্তু আছে। যে আপােক দিম আপুনি হে জগৎ চৰাচৰক নানা প্রকাৰ বস্তু দি পালন কৰিছে । হে অন্তর্যামী গুরু মাতা পিতা আপুনি নিজ- গুণে কৃপা কৰি আপােনাৰ বস্তু আপুনি গ্ৰহণ কৰি আমাৰ শান্তি বিধান কৰােক। যজ্ঞাহুতি সমাপ্ত হলে “ও শান্তি” এই মন্ত্র তিনি বাৰ বুলি তালপ জল অৰ্পণ কৰি যজ্ঞ সমাপ্ত কৰিব । তাৰ পাছত নিৰাকাৰ সাকাৰ আৰু অখণ্ডাকাৰে পূৰ্ণপৰব্ৰহ্মক মনে মনে শ্রদ্ধা ভক্তিৰে পূৰ্ণৰূপে প্রণাম কৰি পৰমানন্দে আনন্দৰূপ থাকিব । ইয়াৰ বাহিৰে আৰু অধিক আড়ম্বৰ আৰু বহুবিধ প্রপঞ্চ কৰিবৰ. কোনাে আৱশ্যক নাই, অগ্নি ব্ৰহ্ম চৈতন্য জ্ঞান স্বৰূপ। তেওঁ ভিতৰৰ আৰু বাহিৰৰ সকলাে ভাব গ্রহণ কৰে, তেওঁ শান্তিৰূপেই আছে, তােমাৰ মনৰ শান্তি আৰু অপৰাধ ক্ষমা কৰাৰ নিমিত্তে শান্তি প্রার্থনা কৰিব। জ্ঞানী লােকৰ উচিত যে ক্ষুধাতুৰ জীৱ মাত্ৰক আত্মা আৰু পৰমাত্মাৰ স্বৰূপ জানি অহাৰ আৰু পানী প্ৰদান কৰি সুখে ৰখা