পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
অগ্নি স্থাপনা


 অগ্নি ব্ৰহ্ম সকলােকে লৈ ভিতৰে বাহিৰে নিৰাকাৰ নিগুন সাকাৰ সগুণ অপ্রত্যক্ষ প্রত্যক্ষ ভাবে পূৰ্ণৰূপে, আধ্যাত্মিক অগ্নি, জ্ঞানাগ্নি, ভৌতিক অগ্নিৰূপে অনাদি কালৰ পৰা পূৰ্ণৰূপে বিৰাজ- মান আছে। আধ্যাত্মিক অগ্নি নিৰাকাৰ ভাবে বিশ্বব্রহ্মাণ্ড ব্যাপী আছে। জ্ঞান অর্থাৎ স্বৰূপ বােধ নহলে জানিব নােৱাৰি। জ্ঞানাগ্নিৰূপে প্রত্যক্ষ বিৰাট চন্দ্রমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ ব্ৰহ্মাণ্ড প্রকাশ কৰি অনাদি কালৰ পৰা বিৰাজমান আছে। আৰু চৰাচৰ সকলােকে অন্তৰৰ পৰা প্ৰেৰণ কৰি ব্যবহাৰিক আৰু পৰিমার্থিক দুয়ো কাৰ্য্য চেতনৰূপে নিষ্পন্ন কৰিছে । এৱেই ভৌতিক অগ্নিৰূপে বিৰাজমান থাকি ব্যবহাৰিক আৰু পাৰমার্থিক কাৰ্য্য কৰায়। এই অগ্নিব্রহ্ম তৰা চন্দ্রমা আৰু বিদ্যুতৰূপে আকাশত অদৃশ্য ভাবে পেটত জঠৰাগ্নিৰূপে আৰু বাহিৰত অনলৰূপে আৰু সূৰ্য্যনাৰায়ণ বিৰাট ব্ৰহ্ম চৰাচৰে সৈতে ভিতৰে বাহিৰে প্রত্যক্ষ পূর্ণ সর্বশক্তিমান ৰূপে বিৰাজমান আছে। এওঁক স্থাপনা বিবাহ জন্ম মৃত্যু প্রভৃতি দশ বিধ সংস্কাৰ কৰা কি দৰে সম্ভব। এওঁ চৰাচৰ স্ত্ৰী পুৰুষ মানুহ মাত্ৰৰে গুৰু সৃষ্টি পালন আৰু লয় আৰু জ্ঞান প্রদান কৰি মুক্তিস্বৰূপ পৰমানন্দে ৰাখিছে । তেওঁৰ বস্তু তেওঁক ভক্তি শ্ৰদ্ধাৰে আহুতি প্রদান কৰিলে তেওঁ সন্তোষ হৈ গ্ৰহণ কৰিব । কাৰণ ভাবগ্রাহী জনার্দন। অর্থাৎ পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অগ্নিব্ৰহ্মক ভক্তিৰে প্ৰদান কৰিলে তেওঁ ভাব বুজি গ্ৰহণ কৰে। যেনে মাতা-পিতাক পুত্র-কন্যাই শ্রদ্ধা ভক্তি কৰি খােৱা বস্তু কাঁহীত সজাই তেওঁবিলাকৰ সমুখত খাবৰ নিমিত্তে বিনা মন্ত্রে দিলেও মাতা-পিতাই প্রীতিৰে আহাৰ কৰে। কাৰণ তেওঁবিলাক চেতন, সকলে ভাব বুজে যে আমাক পুত্র-কন্যাই