পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
সাৰনিত্যক্রিয়া


সিহঁতৰ কষ্ট নহয়, সেই আসনেই সিহঁতৰ বিধি । পৌৰাণিক ৮৪ আসন কেবল মাত্র মানুহৰ নিমিত্তে নহয় পণ্ড, পক্ষী, খেচৰ, ভূচৰ, উদ্ভিদাদি সকলো জীৱৰ নিমিত্তে নির্দিষ্ট। সেই নিমিত্তেই আসনৰ এত আধিক্য। নানা কল্পিত আসনাদিৰ মানুহৰ কোনাে প্রয়ােজন নাই। যদি প্রত্যেক নৰনাৰীয়ে ৰাতিপুৱা আৰু গধূলি শ্রদ্ধা ভক্তিৰে বিৰাট পুৰুষ মঙ্গলকাৰী চন্দ্রমা আৰু সূৰ্যনাৰায়ণ জ্যোতিঃস্বৰূপ আত্মা মাতা পিতা গুৰুৰ সমুখে নমস্কাৰ, প্রণাম আৰু ধাৰণা কৰে আৰু পূর্বে লেখা মতে ও মন্ত্র জপ কৰে তেনে সিহঁতে প্রাণায়াম আৰু আসনাদি আৰু একো নকৰিব। সহজে জ্ঞান হৈ মুক্ত স্বৰূপ পৰমানন্দে আনন্দ স্বৰূপ থাকিব ত্রিতাপ আৰু পাপাদি একেবাৰে দূৰ হব। ইয়াক নিশ্চয় সত্য সত্য জানিবা ।


অগ্নি স্থাপনা

 কোনাে কোনাে সম্প্রদায়ী লোকে অগ্নি স্থাপনা, অগ্নিৰ বিবা- হাদি দশ বিধ সংস্কাৰ কৰি যজ্ঞাদি কৰে। অজ্ঞানতাৰ বশ হৈ সিহঁতে দশ বিধ সংস্কাৰ নকৰি কেতিয়াও যজ্ঞাদি নকৰে। শাস্ত্ৰত লেখা আছে যে, “অগ্নিগুৰুদ্বিজাতিং ' অর্থাৎ অগ্নি, দেব, দ্বিজাতি অর্থাৎ ব্রাহ্মণ ক্ষত্রিয় আৰু বৈশ্যৰ গুৰু। 'অগ্নিমুখেন খাদস্তি দেবা” অর্থাৎ দেবগণে (ঈশ্বৰ পৰব্ৰহ্ম) অগ্নিমুখে আহাৰ কৰে। বিচাৰ কৰি দেখা অগ্নি দেব দ্বিজাতিৰ অনাদি গুৰু হয়। সামান্য মানুহ হৈ আপােন ইষ্ট গুৰুৰ স্থাপনা, বিবাহ জন্ম মৃত্যু প্রভৃতি দশবিধ সংস্কাৰ কৰা কি প্রকাৰে সম্ভব হয়।