পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সাৰনিত্যক্রিয়া


কোনো কষ্ট নহয়, ক্ৰমশঃ কাৰ্য্য সিদ্ধি হয়, সেই পৰিমাণ সংখ্যাৰ জপ কৰিব। সংখ্যা গণনাৰ নিয়ম কৰা পৰমাত্মাৰ আজ্ঞা নহয়, তেওঁৰ কৃপাও কাৰ্য্য সহজে সিদ্ধি হলেই হয়। কুম্ভকৰ সময়ত জপ নহয়, ভাবত থাকে। এই ৰেচক, পূৰক আৰু কুম্ভক যাৰ ইচ্ছা হয় কৰোক ভালেই কিন্তু প্ৰকৃত ৰেচক, পূৰক আৰু কুম্ভকৰ জ্ঞান পক্ষত অৰ্থ এই যে তোমাৰ মনৰ বৃত্তি বাহিৰ ফালে বিস্তীৰ্ণ আৰু চঞ্চল হৈ আছে সেই অৱস্থাক ৰেচক, যেতিয়া তুমি আপোনাৰ মন বাহিৰৰ পৰা সঙ্কোচ কৰি অন্তৰত অন্তৰ্য্য়ামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ 'গুৰুত সংযুক্ত কৰিবা সেই অৱস্থাৰ নাম পূৰক, আৰু যেতিয়া তুমি আৰু পৰমাত্মা অভেদ মুক্ত স্বৰূপ হবা সেই অবস্থাক কুন্তক জানিবা। অৰ্থাৎ অজ্ঞান অৱস্থাৰ নাম ৰেচক আৰু জ্ঞান অৱস্থাৰ নাম পূৰক বিজ্ঞান অৱস্থা অৰ্থাৎ স্বৰূপ অৱস্থাক কুম্ভক জানিবা। স্বপ্নাৱস্থা ৰেচক, জাগৰিত অৱস্থা পূৰক, আৰু সুষুপ্তি (টোপনি ) অৱস্থাক কুম্ভক জানিবা। যত তোমাৰ মনৰ বৃত্তি কাৰণত স্থিতি হয় সেই অৱস্থাক কুম্ভক জানিবা। কাৰণ পৰব্ৰহ্ম আপোন ইচ্ছাৰে নিৰা- কাৰৰ পৰা সাকাৰ বিৰাট স্বৰূপ বহুৰূপে বিস্তাৰ হয় এই অৱস্থাক ৰেচক যেতিয়া পৰমাত্মা এই জগৎ সংসাৰক সঙ্কোচ কৰি আপোনাৰ কাৰণত লয় কৰিবলৈ প্ৰবৃত্তি হয় সেই অৱস্থাক পূৰক, যেতিয়া স্বয়ং কাৰণ ৰূপে কাৰণত থাকে সেই অৱস্থাক কুম্ভক। চন্দ্ৰমা- ৰূপ প্ৰকাশক ৰেচক, সূৰ্য্যনাৰায়ণৰূপ প্ৰকাশক পূৰক আৰু যেতিয়া অমাবস্যাত চন্দ্ৰমা সূৰ্য্যনাৰায়ণ প্ৰকাশ নিৰাকাৰত স্থিতি থাকে আকাশ এন্ধাৰ হয় সেই ৰূপক কুম্ভক জানিবা।