পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
প্রাণায়াম


পানীৰ প্ৰয়োজন নাই। বিৰাট পুৰুষ পৰমাত্মাৰ শৰণাগত হৈ মন্ত্ৰ জপ কৰিলে পৰমাত্মাৰ জপ উপাসনা আৰু নাম মন্ত্ৰ জপ কৰা আৰু প্ৰাণায়ামৰো কাৰ্য্য হয়।

 

প্ৰাণায়াম

 প্ৰাণায়াম কৰিবৰ সময়ত ৰেচক, পূৰক আৰু কুম্ভক কৰিব লাগে। তুমি যি নাকৰ দ্বাৰাই প্ৰাণ বায়ু বাহিৰৰ পৰা ভিতৰলৈ টানি লোৱা তাৰ নাম পূৰক আৰু সেই বায়ুক তুমি যিমান সময় মস্তকৰ মাজত থমাই ৰাখিব পাৰিবা, সেই অৱস্থাক কুম্ভক বোলে, আৰু সেই বায়ুক নাকৰ বাটে বাহিৰলৈ যেতিয়া এৰি দিবা তাক ৰেচক বোলে। ৰেচক আৰু পূৰক কৰিবৰ সময়ত ওঁ মন্ত্ৰ জপ কৰিব লাগে, যেতিয়া ৰেচক কৰা হয় ওঁ মন্ত্ৰ ৪ বাৰ জপ কৰোতে কৰোতে বায়ু এৰিব লাগে, আৰু যেতিয়া পূৰক কৰা হয় ৮ বাৰ মন্ত্ৰ জপি বায়ু বাহিৰৰ পৰা ভিতৰলৈ টানিব লাগে, আৰু যেতিয়া কুম্ভক কৰিব সেই মন্ত্ৰ ১৬ বাৰ জপ কৰিব। যেতিয়া ৰেচকত ১৬ বাৰ মন্ত্ৰ জপ কৰিবা, তেতিয়া পূৰকত ৩২ বাৰ, আৰু কুম্ভকত ৬৪ বাৰ মন্ত্ৰ জপ কৰিব লাগে। ৰেচকৰ দ্বিগুণ পূৰক আৰু পূৰকৰ দ্বিগুণ কুম্ভক। ৰেচক পূৰক কুম্ভক কৰাৰ সময় কমি বেছি সংখ্যা মন্ত্ৰ জপ কৰা কল্পিত মাত্ৰ। তাৰ ভাব এই যে মনৰ বৃত্তি অন্তৰ্মুখে পৰমাত্মাত অধিক সময় ৰখা উচিত। আৰু বহিৰ্মুখী গতি বা মন্ত্ৰ জপৰ সংখ্যা কম হোৱা উচিত। মুল উদ্দেশ্য এই যে মন্ত্ৰৰ সংখ্যা মানুহে যিমান জপ কৰিলে সহজে হয়