পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মন্ত্র জপৰ প্ৰকাণ ৭৫

ও বা ও সৎগুৰু এই মন্ত্র সেই শ্বাস প্রশ্বাসৰ দ্বাৰা মুখ জপাই জপ কৰিব। এই দৰে এক বা অধিক বীৰ জপ কৰিলে যেনেকৈ শান টুকাই যাব, পুনৰায় ওপৰত কোৱা মতে উশাহ টানি , আৰু পুনৰায় মঙ্গ জপ পূৰ্বৰ দৰে কৰিব। এই দৰে যত বাৰ ইচ্ছা তত বাৰ কৰিব। আৰু যি অৱস্থাতে বা যি ঠাইতে হওক ইচ্ছা হলেই জপ কৰিব। ইয়াৰ নিমিত্তে নির্দিষ্ট প্ৰকাৰৰ আসন বা স্থান ভেদ বা শুচি অশুচি একো নাই । মনে কৰা এজন মানুহ মৃত্যু শয্যাত মদিৰ মাজত অর্থাৎ অশুচি পদার্থদিৰ মাজত শুই আছে, সেই আসন্ন মৃত্যু সময়ত সি যি অৱস্থাত আছে শুচি বা অশুচি হওক সেই অৱস্থাত প্ৰেম আৰু ভক্তিৰ বশ হৈ বদি পূর্ণপৰরহ্ম জ্যোতিঃস্বৰূপ ও মন্ত্র জপ কৰিবৰ ইচ্ছা কৰে, আৰু অশুচি বা শয্যাত শােৱা বুলি তাৰ সেইদৰে জপ কৰা নিষিদ্ধ হয়, আৰু যদি সেই দণ্ডত তাৰ মৃত্যু হয়, তেনে সেই লােকৰ প্রাণ জানল জ্ঞান স্বৰূপলৈ না, সি নিৰানত মৰিব লাগিব, ই কেতিয়াও পূর্ণ পৰব্ৰ জ্যোতিঃস্বৰুপ পৰম ন্যায়বান দয়ালু আৰু আনন্দময়ৰ অনুমােদিত হব, নােৱাৰে। কাৰণ অশুচিৰেই হে শুচি হবৰ প্রয়ােজন। অশুচি অৱস্থাত শ্রেষ্ঠ কাৰ্য্য ভগবানৰ নাম ললে শুচি হয়, নতুবা অশুচি অৱস্থাত মনক আৰু অসৎ কাৰ্যত নিয়ােগ কৰা উচিত নহয়। যেনে ময়লা কাপােৰ ধােৱা উচিত, ইয়াক শুধুই আৰু মলি লগােৱা উচিত নহয়। অতএব বহোঁতে ফুৰোঁতে খাওঁতে বি সময়ত বা যি অৱস্থাতে ওক হৃদয়ত ভক্তি বা প্রেম উদয় ফলেই পূর্বে কোৱা মতে মনে মনে জপ কৰা ৰিধি। এই বিষয়ত এই দৰে সদুপদেশ সকলােৱে আপোন আপােন পৰিবাৰসকলক দিৰ ।