সমললৈ যাওক

পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সাৰনিত্যক্রিয়া


বোধাবেধ কৰিছা। এই মোৰ এই তাৰ আৰু মনত নানা প্ৰকাৰ সঙ্কল্প বিকল্প উঠিছে। এই মন চন্দ্ৰমা জ্যোতিঃ পৰ্য্যন্ত ষট্চক্ৰ জানিবা। বিন্দু সূৰ্য্যনাৰায়ণ মস্তকৰ জ্যোতিঃ (জ্ঞান) প্ৰকাশ হলে অৰ্থাৎ সহস্ৰ দল পালে মুক্তস্বৰূপ হৈ সমস্ত জগৎ ব্ৰহ্মময় দেখে, তেতিয়া ষট্ চক্ৰ ভেদ হয়, অৰ্থাৎ অজ্ঞানতা নাথাকে। পঞ্চতত্ত্ব চন্দ্ৰমা জ্যোতিঃ সৈতে যাক অজ্ঞানত ঈশ্বৰৰ পৰা বেলেগ ষট্চক্ৰ বুলি বোধ হয়, জ্ঞান হলে পঞ্চতত্ব চন্দ্ৰমা জ্যোতিঃ ব্ৰহ্মৰ পৰা বেলেগ ষট্চক্ৰ বোধ নহয়। কেৱল সৰ্ব্বশক্তিমান পূৰ্ণপৰব্ৰহ্ম প্ৰত্যক্ষৰূপে বিৰাজমান হয়। এই দৰে বোধ হোৱাকে ষট্চক্ৰ ভেদ জানিবা। মুলাধাৰ চক্ৰ চাৰিদল বিশিষ্ট, ই চাৰি অন্তঃকৰণ যথা-মন, বুদ্ধি, চিত্ত, অহঙ্কাৰ। স্বাধিষ্ঠান চক্ৰ ছয়দল বিশিষ্ট, ছয় ৰিপু যথা--কাম, ক্ৰোধ, লোভ, মোহ, মদ,মাৎসল্য। মণিপুৰ চক্ৰ দশদল বিশিষ্ট, দশ ইন্দ্ৰিয়ৰ দশ দশ গুণ। অনাহত চক্ৰ বাৰদল বিশিষ্ট, দশ ইন্দ্ৰিয় আৰু মন বুদ্ধি। বিশুধাক্ষ চক্ৰ ষোলদল বিশিষ্ট, দশ ইন্দ্ৰিয়, চাৰি অন্তঃকৰণ, বিদ্যা অবিদ্যা। আজ্ঞা চক্ৰ দ্বিদল, প্ৰকৃতি পুৰুষ বিৰাট ব্ৰহ্ম। সহস্ৰ দল পৰমাত্মাৰ অসীম অনন্ত অখণ্ড মহা শক্তি আৰু পূৰ্ণ ভাবক জানিবা। বিৰাট ভগবানৰ অঙ্গ-প্ৰত্যঙ্গ ব্যতিৰেকে ষট্চক্ৰ আন কোনো বেলেগ বস্তু নহয়।

মন্ত্ৰ জপৰ প্ৰকৰণ

 জপ কৰিবৰ পূৰ্ব্বে মুখ জপাই নাকৰ দ্বাৰা ওঁ শব্দ মনে মনে উচ্চাৰণ কৰোতে কৰোতে উশাহ টানি লব লাগে, তাৰ পাছত