সমললৈ যাওক

পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
ষট্ চক্র ভেদ


কৰি মুক্তস্বৰূপ ৰাখিব। ইয়াক সত্য সত্য নিশ্চয় জানিবা।
 এই ওঁকাৰ পুৰুষ বিৰাট ভগবানৰ আৰু ওঁ মন্ত্ৰৰ বিষয় যি জনে শিক্ষা পায়, তেওঁ নিজৰ পুত্ৰকন্যা আৰু প্ৰতিবাসী স্ত্ৰী পুৰুষ,যি কুলত জন্ম হওক সকলোকে এই সদুপদেশ ওঁ মন্ত্ৰ দিব, এই ঈশ্বৰৰ অভিপ্ৰায়। কোনো কথাত ভীত বা চিন্তিত নহব, ভগবান পৰমাত্মাই সকলো প্ৰকাৰে মঙ্গল কৰিব। কোনো অবোধৰ কথা শুনি সৎপথৰ পৰা কাকো বিমুখ নকৰিব।

ষট্ চক্ৰ ভেদ

 মানুহসকলে অজ্ঞানৰ বশ হৈ ষট্ চক্ৰ কাক বোলে সেই বোধ নকৰি পৰস্পৰ নানা প্ৰকাৰ কষ্ট ভোগ কৰিছে, মুল বস্তুৰ ফালে কাৰো লক্ষ্য নাই। যি ষট্ চক্ৰ তোমাৰ মাজত আছে,সেই ষট্ চক্ৰ বিৰাট ব্ৰহ্মৰ মাজত আছে, যি বিৰাট ব্ৰহ্মত আছে সেই তোমাৰ মাজত আছে।
  বিৰাট ব্ৰহ্মৰ পৃথিবী চক্ৰ তোমাৰ মাজত অস্থি মাংস চক্ৰ। বিৰাট ব্ৰহ্মৰ জল চক্ৰ তোমাৰ মাজত, ৰক্ত ৰস নাড়ী চক্ৰ। বিৰাট ব্ৰহ্মৰ অগ্নি চক্ৰ তোমাৰ মাজত অগ্নি চক্ৰৰ দ্বাৰাই ভোক লাগিছে, আহাৰ কৰিছা, অন্ন জীণ গৈছে আৰু কথা কৈছা। বিৰাটব্ৰহ্মৰ বায়ু চক্ৰ তোমাৰ মাজত নাকৰ বাটে স্বাস-প্ৰশ্বাস চলিছে, বিৰাট ব্ৰহ্মৰ আকাশ চক্ৰ তোমাৰ ভিতৰত আকাশ চক্ৰেৰে কাণৰ বাটে শুনিছা। বিৰাট চন্দ্ৰমা জ্যোতিঃ চক্ৰ যাক দেখিছা তোমাৰ ভিতৰত সেই চন্দ্ৰমা জ্যোতিঃ চক্ৰ দ্বাৰাই মনৰূপে