পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
সাৰনিত্যক্রিয়া


হব। সুবিধামতে নিতৌ ৰাতিপুৱা ১০৮ বাৰ ব্ৰহ্মগায়ত্রী জপ কৰিব। নতুবা নিতৌ ৰাতিপুৱা ১• নাৰ জপ কৰিব। অথবা ওঁ মন্ত্র নিতৌ ১০৮ বাৰ সপ কৰিব । যাৰ ভক্তি শ্রদ্ধা আছে তেওঁ যিমান অধিক পাৰে জপ কৰিব, কিন্তু সংখ্যাৰ প্রতি শ্রদ্ধা নাৰাখি ব্রহ্ম ভগবানৰ প্রতি শ্রদ্ধা ৰাখিব। দিন কি ৰাতি যাওতে, বহােতে শয়ন কৰোতে সকলো সময়ত আৰু সকলো অৱস্থাত জপ কৰিব । ভাত কোনো শুচি অশুচি আৰু বিধি নিষেধ নাই। পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু ইষ্ট দেবতাক উপাসনা আৰু ভক্তি কৰিবৰ কোনাে সময় অসময় নাই। যেতিয়া অন্তৰৰ পৰা ভক্তি 'উদয় হব তেতিয়াই ভক্তি উপাসনা আৰু জপ কৰিব । তাত কোনো চিন্তা নাই ভাল হে হব । যাৰ ওঁ মন্ত্র জপ কৰিবৰ ইচ্ছা হব তেওঁ মুখ পাই ওঁ ওঁ জপ কৰিব । আৰু যাৰ পূর্ণপৰব্ৰহ্মক গুৰু ভাবে জপ কৰিবৰ ইচ্ছা হব, তেওঁ ওঁ সৎগুৰু বুলি জপ কৰিব ।
 ওঁ সৎগুৰু জপ কৰিবৰ অৰ্থ এই যে পূর্ণপৰব্ৰহ্ম জ্যোতিঃ স্বৰূপৰ নাম ওঁ মন্ত্র । তেওঁ সত্য আৰু সকলােৰে গুৰু, এই নিমিত্তে ওঁ সৎ গুৰু বুলি জপ কৰিব। সেই পূর্ণপৰব্ৰহ্ম গুৰুৰ ৰূপ চন্দ্রমা নাৰায়ণ বিৰাটপুৰুষ জ্যোতিঃস্বৰূপ । নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে ভক্তিৰে ৰাতিপুৱা গধুলি পূৰ্ণৰূপে প্রণাম, নমস্কাৰ আৰু মন্ত্র জপ কৰিলে ব্যৱহাৰিক আৰু পাৰমার্থিক উভয় কাৰ্য্য উত্তমৰূপে নিৰ্বাহ হব আৰু মনত শান্তি পাব। এই দৰে যি লােকে পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ চন্দ্ৰমা সুৰ্য্যনাৰায়ণৰ সমুখত শ্রদ্ধা ভক্তিৰে প্ৰণাম নমস্কাৰ কৰিব আৰু ওঁ মন্ত্র জপ কৰিব তেওঁৰ আন কোনো মন্ত্র অথবা গুৰুৰ পৰা মন্ত্র লব নালাগে। কাৰণ। পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপে ভিতৰৰ পৰা প্ৰেৰণা কৰি জ্ঞান প্রদান