পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

xx-larger

 ওঁ আপোজ্যোতিঃ। ওঁ ব্ৰহ্ম! আপঃ জল। ওঁ আপঃ স্বয়ং জ্যোতিঃস্বৰূপ অমৃতৰূপ ব্ৰহ্ম নিৰাকাৰ সাকাৰ চৰাচৰ সৈতে অখণ্ডাকাৰে পূৰ্ণৰূপে বিৰাজমান আছে। শ্ৰদ্ধা ভক্তিৰে গৃহস্থসকলে উপাসনা কৰিলে সকলো মঙ্গল সাধন হয়। নিৰাকাৰ পৰমাত্মা অন্তৰ্য্য়ামী দৃষ্ট নহয় মন বাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ।তেওঁ নিৰাকাৰৰ পৰা সাকাৰ জগৎ বিৰাট ৰূপ প্ৰত্যক্ষ জ্যোতিঃস্বৰূপে বিদ্যমান আছে। এই জ্যোতিঃস্বৰূপ চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ পৰমাত্মাক ৰাতিপুৱা গধূলি ভক্তিৰে প্ৰত্যেক নৰনাৰীয়ে প্ৰণাম নমস্কাৰ কৰিব। আপোনাৰ আৰু পৰমাত্মাৰ আৰু ওঁ মন্ত্ৰৰ ৰূপ এক সূৰ্য্যনাৰায়ণ তেজোময়ক জানি ধাৰণ কৰিব। বেলেগ বেলেগ তিনি ৰূপ নাভাবিব। ব্ৰহ্মগায়ত্ৰী চাৰি বেদৰ মূল। ব্ৰহ্মগায়ত্ৰীৰ মূল এক অক্ষৰ ওঁ প্ৰণব। এক অক্ষৰ ওঁ প্ৰণবৰ মূল পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট পুৰুষ সূৰ্য্যনাৰায়ণ। সন্ধ্যা আহ্নিকত কেবল “ওঁ” মাত্ৰ আছে, ওঁ শন্ন আপোধদ্বন ইত্যাদি। গৃহস্থসকলৰ অধিক মন্ত্ৰ জপৰ আড়ম্বৰ আৰু সময় নষ্ট কৰিবৰ প্ৰয়োজন নাই, কেবলমাত্ৰ এক ওঁ জপ কৰিলেই সহজে কাৰ্য্য হয়।
 গৃহস্থসকলে যদি সন্ধ্যা আহ্ণিক নকৰি কেবল মাত্ৰ ব্ৰহ্ম গায়ত্ৰী জপ কৰে, তেনে সন্ধ্যা আহ্ণিকৰ ফল পাব আৰু যদি সন্ধ্যা আহ্নিক আৰু ব্ৰহ্মগায়ত্ৰী জপ নকৰি কেবল এক অক্ষৰ ওঁ মন্ত্ৰ জপ আৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট সূৰ্য্যনাৰায়ণক, ভক্তিৰে ধাৰণা কৰে, তেনে সন্ধ্যা আহ্নিক আৰু ব্ৰহ্মগায়ত্ৰীৰ ফল,পাব, আৰু আপোন ইষ্ট দেবতা যথাৰ্থ পূজা আৰু ভক্তি কৰা