পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্ৰহ্মগায়ত্ৰীৰ আহ্বান
মন্ত্ৰ আৰু অৰ্থ

 “ওঁ আয়াহি বৰদে দেবী ত্ৰক্ষৰে ব্ৰহ্মবাদিনী গায়ত্ৰী ছন্দসাং মাতঃ ব্ৰহ্মযোনি নমোস্তুতে।”
 শাস্ত্ৰত “ওঁ” মন্ত্ৰৰ ৰূপ এই দৰে দেখাবৰ অৰ্থ কি?নিৰাকাৰ ব্ৰহ্মৰ ৰূপ নাই, বেদত নিৰাকাৰৰ “ওঁ” ৰূপে বৰ্ণনা কৰিবৰ প্ৰয়োজন নাই। যেতিয়া নিৰাকাৰ পৰব্ৰহ্ম সাকাৰ জগৎৰূপে অৰ্থাৎ বিৰাটৰূপে বিস্তাৰ হয় তেতিয়া তেওঁক ওঁ বুলি শাস্ত্ৰত ঋষি মুনিসকলে কল্পনা কৰে। অ, উ, ম অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ,এই তিনি অক্ষৰ যোগ হৈ ওঁ অক্ষৰ হৈছে। অৰ্থাৎ সকলো চৰাচৰ স্ত্ৰী পুৰুষে সৈতে মঙ্গলকাৰী বিৰাট পৰব্ৰহ্মৰ নাম ওঁ বোলা হয়। সেই ওঁ ওপৰত যে চন্দ্ৰবিন্দু লেখা আছে তাৰ অৰ্থ এই চৰাচৰৰ মস্তকৰ ভিতৰত আৰু বাহিৰত যি জ্যোতিঃ আছে অৰ্থাৎ তেজোৰূপ সূৰ্য্যনাৰায়ণেই সেই বিন্দু। অৰ্দ্ধমাত্ৰা চন্দ্ৰমা জ্যোতিঃ,চৰাচৰৰ কণ্ঠ ভাগত বিৰাজ কৰিছে। “ওঁ” অৰ্থে বিৰাট ব্ৰহ্ম অৰ্থাৎ সমস্ত জীৱৰ জ্ঞানেন্দ্ৰিয় আৰু কৰ্ম্মন্দ্ৰিয় জানিবা। ওঁ আয়াহি বৰদে দেবী, ইয়াৰ ভাব এই –“ওঁ” ব্ৰহ্ম জগৎ স্বৰূপ বিৰাট জগৎ জননী মাতা পিতাৰূপে বিৰাজমান আছে। যেতিয়া গৃহস্থসকলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য কৰিবলৈ উপস্থিত হব সেই সময়ত প্ৰথমে এই মন্ত্ৰেৰে জগৎ জননী জগৎ পিতা জ্যোতিঃস্বৰূপক ভক্তি পূৰ্ব্বক মাতি কাৰ্য্য সমাধা কৰিব। আয়াহি অৰ্থে আগমন কৰোক, বৰদে দেবী অৰ্থে তুমি একমাত্ৰ বৰদায়িনী। তুমি বৰ দিলে আন কোনো নাই যি খণ্ডন কৰিব পাৰে। ওঁ আয়াহি