পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ব্ৰহ্মগায়ত্ৰী আৰু অর্থ


বৰদে দেবী অৰ্থাৎ জগৎ জননী আহি মোৰ হৃদয়ত প্ৰকাশ হওক।ত্ৰ্য়ক্ষৰে অৰ্থ হে মাতা পিতা তুমি তিনি অক্ষৰৰূপে জগৎস্বৰূপ বিৰাজমান আছা। তিনি অক্ষৰ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, অ, উ, ম, কাৰণ,সূক্ষ্ম আৰু স্থূল। ব্ৰহ্মবাদিনী অৰ্থাৎ তুমি নিজে ব্ৰহ্মৰূপিণী হৈ ব্ৰহ্মক প্ৰতিপাদন কৰা অৰ্থাৎ ব্ৰহ্মৰ অস্তিত্ব তোমাৰে পৰা প্ৰকাশ হৈছে।গায়ত্ৰী ছন্দ অৰ্থাৎ তুমি গায় (শৰীৰ) বিৰাটৰূপ ধাৰণ কৰিছা।ত্ৰী অৰ্থাৎ ত্ৰিগুণময়ী সত্ত্ব ৰজঃ তমঃ গুণ। তুমি এই জগৎ মায়াৰ পৰা ত্ৰাণ কৰা। সাং অৰ্থাৎ সং সাজিছা। মাতঃ ( সাকাৰ বিৰাটৰূপে মাতঃ ) ব্ৰহ্ম যোনি নমোস্তুতে অৰ্থাৎ, হে মা তুমি ব্ৰহ্ম যোনিৰূপ, তোমাৰ পৰা এই জগৎ উৎপন্ন হৈ তোমাতে স্থিতি আছে, তোক নমস্কাৰ কৰিছোঁ। এই যে কাম কৰিবলৈ উদ্যত হৈছো তাত যেন কোনো বিঘ্ন নঘটে উত্তমৰূপে নিষ্পন্ন হয়। এইদৰে পৰমাত্মাক আবাহন কৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য নিষ্পন্ন কৰিবা।

ব্ৰহ্মগায়ত্ৰী আৰু অৰ্থ

 ওঁ ভুঃ, ওঁ ভূবঃ, ওঁ স্বঃ, ওঁ মহঃ, ওঁ জনঃ, ওঁ তপঃ, ওঁ সত্যং,ওঁ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেবস্য ধীমহি ধিয়োয়োনঃ প্ৰচোদয়াৎ।
 পণ্ডিতসকলে ব্ৰহ্মগায়ত্ৰীৰ অৰ্থ নানা প্ৰকাৰ কৰিছে। কিন্তু যাৰ অৰ্থ কৰে, সেই বস্তু ক’ত আছে তাৰ ঠিক নাই। ইয়াত বহ্মগায়ত্ৰীৰ অৰ্থ সংক্ষেপে কৰা হৈছে গম্ভীৰ শান্তভাবে ভাব গ্ৰহণ কৰি ব্ৰহ্ম বস্তুৰ ফালে লক্ষ্য ৰাখিবা। ওঁ ভূঃ, ওঁ ভূবঃ, ওঁ স্বঃ,