পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬০ সাৰনিত্যক্রিয়া

যায় যি কোনো বস্তু অগ্নি ত দিলে অগ্নিদেবে আপােন ৰূপ কৰি লয়। যদি সেই সকলাে বস্তু স্বৰূপত এক নহল হেতেন তেনে পাছত কেতিয়াও একরূপ নহল হেতেন । বেদাদি শাস্ত্ৰত সূৰ্ণনাৰায়ণত সকলো দেবতাৰ আৰু দেবীৰ ধ্যান ধাৰণা কৰিবৰ বিধি আছে । ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি তিনিও সময়তে, প্রাতে ( ৰাতিপুৱা) ব্ৰহ্মাৰূপে, দুপৰীয়া বিষ্ণুৰূপে আৰু গধূলি শিবৰূপে। ৰাতিপুৱা ঋকবেদ, অর্থাৎ কালীৰূপে, দুপৰীয়া যজুৰ্বেদ অর্থাৎ দুর্গাৰূপে, আৰু গধূলি সামবেদ অর্থাৎ সৰস্বতী, সাবিত্রী, গায়ত্রী মাতাৰূপে সূৰ্য্যনাৰায়ণৰ ধ্যান ধাৰণ। কৰিবৰ বিধি যথা। ৰাতিপুৱা ব্ৰহ্মাৰূপে “ওঁ ৰক্তবৰ্ণং চতুৰ্ম্ম, খং দ্বিভুজং অক্ষ সূত্র কমণ্ডলুকৰং হংসাসনসমৰূঢ় ব্রহ্মাণং নাভিদেশে ধ্যায়েৎ।” ইমাৰ আধ্যাত্মিক সাৰ অর্থ এই দৰে জানিবা । বক্তবর্ণ অর্থাৎ ৰাতিপুৱ। যেতিয়া সূৰ্য্যনাৰায়ণ ৰঙা তেজোময় জ্যোতি: বালক স্বৰূপ নিৰাকাৰৰ পৰা সাকাৰ ৰূপে প্রকাশ হয় সেই ৰাতিপুৱা কালৰ ৰূপ ৰঙা বর্ণ। চতুৰ্ম্ম, খং অর্থাৎ চাৰিও ফালে মাৰ মুখ আছে। লেনে জুই জ্যোতিঃৰ দশােদিকে মুখ আছে, যি ফালৰ পৰা হাত দিব সেই ফালৰ পৰা হাত পুৰিব। সেই দৰে পূৰ্ণপৰ- ব্রহ্ম জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণৰ দশােদিকে মুখ আছে । মুখ অর্থে জ্যোতিঃ। সূৰ্য্যনাৰায়ণ আৰু চন্দ্রমা জ্যোতিঃ যেতিয়া উদয় হয়, তেতিয়া তেওঁৰ জ্যোতিঃ চতুর্দিকে অর্থাৎ সমস্ত জগততে পৰে। এই নিমিত্তে মুনি ঋষিসকলে ৰাতিপুৱা জ্যোতিঃস্বৰূপ সূর্যনাৰায়ণৰ