পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্যনাৰায়ণৰ ধ্যান আৰু ব্ৰহ্ম গায়ত্রী সম্বন্ধে বিচাৰ ৫৯

বােধ হৈছিল, কিন্তু বাস্তবিক তেনে নয় ; এই সকলোৰে সৈতে পৰৱন্ধ জ্যোতিঃস্বৰূপ ভগবান পৰিপূৰ্ণ আছে । জ্ঞানী লোকে ত্যাগ আৰু গ্ৰহণৰ প্ৰকৃত ভাব বুজি সংসাৰত পৰ্মানন্দে থাকে। অগ্নিত আহুতি দিয়াৰ কাৰণ এই যে তাত জগতৰ হিত হয়। যেনে খেতিয়কে পৃথিবী তত্ত্বত মাটি চাহ কৰি ধান বয়, পাছে ভাত অঙ্কুৰ হৈ গছ হয় তাৰ পাছত ফুল হৈ ল অর্থাৎ ধান হয়। এলিছা মাটিত চাৰি বা পাচ সেৰ ধান বলে কুৰি পছি মোন ধান হয়। সেই দৰে অগ্নিতত্ত্বত উত্তম উত্তম বস্তু আহুতি দিলে তাৰ নোৱা আকাশত গৈ মেঘ হয়, তাতে দেবতা তুষ্ট হৈ সময়ত জল বর্ষণ কৰে আৰু তাৰ অন্ন উৎপন্ন কৰি প্ৰজা- সকলক পালন কৰে। তাৰু যজ্ঞায় ধেৱাৰ পৰা বায়ু পৰিষ্কাৰ হয়, সেই অগ্নিৰ তেজত অন্তঃকৰণ শুদ্ধ হয়, অন্তঃকৰণ শুদ্ধ হলে পৰমত ভক্তি আৰ নিষ্ঠা জন্মে। অগ্নিত আহুতি দিলে বিবেকৰ উদয় হয় । দেখিবলৈ পােৱা যায় যে, যি কোনো বস্তু অগ্নিত দিয়া যায়, অগ্নিয়ে সেই সকলােকে আপপানাৰ ৰূপ অর্থাৎ ভস্ম কৰি নিৰাকাৰ হয়। সেই সকলো বস্তু ক'লৈ গৈছে, এই প্রশ্নৰ মীমাংসা কৰিবলৈ গলে বিবেক আপােনা আপুনি আহি উদয় হয়, আৰু জগত সংসাৰ অসাৰ বুলি ইয়াত আসক্তি নজন্মে। এই নিমিত্তে শ্মশানত গৈ যােগ কৰিবৰ উপদেশ শাস্ত্ৰকাৰসকলে দিয়ে। মনক প্রকৃত শ্মশান বােলে। যেন বাহ্যিক শ্মশানত শবদাহ হয়, সেই দৰে মনৰূপ শ্মশানত জ্ঞানাগ্নিৰ দ্বাৰাই দ্বৈত দ্বৈত জন্ম মৃত্যু মায়া প্রভৃতি ভস্মীভূত হৈ ব্ৰহ্ম পূৰ্ণৰূপে প্রকাশ হয়। সেই মনৰূপ শ্মশানত বহি জ্ঞানী লোকে শিব অর্থাৎ পৰব্ৰহ্মৰ উপাসনা আৰু ধাৰণা কৰি শিবস্বৰূপ অর্থৎ ব্রহ্মস্বৰূপ হয়। প্রত্যক্ষ দেখি পােৱা