পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সুনাৰায়ণৰ ধ্যান আৰু ব্ৰহ্ম গায়ত্রী সম্বন্ধে বিচাৰ ৬১

চতুৰ্ম্ম, খ ব্ৰহ্মাৰূপে কল্পনা কৰিছে । ৰাতিপুৱা যেতিয়া সেই জ্যোতিঃ ব্ৰহ্মাৰূপে প্রকাশ হয় তেতিয়া প্রত্যেক নৰনাৰী সকলােৱে ভক্তি কৰি তেওঁক নমস্কাৰ আৰু ধ্যান ধাৰণা কৰিব । দ্বিভুজং অর্থাৎ দুই হাত । যি নিৰাকাৰ ব্ৰহ্ম তেওঁৰ দুই হাত নাই। দুই হাতৰ ভাব এই যে বিদ্যা আৰু অবিদ্যা জ্ঞান আৰু অজ্ঞান। এয়ে তেওঁৰ দুই হাত । অবিদ্যাৰূপ হাতেৰে তেওঁ এই ব্রহ্মাণ্ড ৰচনা কৰিছে । বিদ্যাৰূপ হাতেৰে সকলােকে ভয় কৰি আপােন কাৰণত স্থিতি কৰিছে। অক্ষসূত্র অর্থাৎ অক্ষয়, যাৰ ক্ষয় নাই, অবিনশ্বৰ। সূত্র অর্থে জ্যোতিঃ অর্থাৎ যি জ্যোতিঃৰ ক্ষয় নাই। কমণ্ডলুকৰং অর্থাৎ চৰাচৰ ব্ৰহ্মাণ্ডৰ স্থল শৰীৰ, জ্যোতিঃ সূত্রত গাথি নিজৰ হাতত ৰাখিছে। অর্থাৎ সকলাে ব্রহ্মাণ্ড তেওঁৰ পৰা উৎপত্তি আৰু তেওঁতে লয় হৈছে, আৰু তেওঁতে সকলে স্থিতি আছে ; তেওঁৰে ৰূপ মাত্র। হংস অর্থাৎ বিবেকী পুৰুষ। হৰি ভক্তজনৰ নাম হংস। হংসই যি দৰে পানী এৰি গাখীৰ খায়, সেই দৰে হৰি ভক্তজনে এই সংসাৰক পানীৰ দৰে এৰি পৰমাত্মা ৰূপ অমৃত খায় । এই নিমিত্তে তেওঁবিলাকৰ নাম হংস । সেই তগবতভক্ত বিবেকী পুৰুষৰূপী হংসৰ ওপৰত ব্রহ্মা অর্থাৎ পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ আৰূঢ়, অর্থাৎ হৰিভক্ত জৰ হৃদয়ত বাস কৰে। অৱশ্যে তেওঁ সকলােতে পৰিপূৰ্ণ ৰূপে থাকিলেও বিবেকী পুৰুষত তেওঁ বিশেষৰূপে প্রকাশ হয়। যেতিয়া সেই বিবেকী পুৰুষ পৰমপদ প্রাপ্ত হয় তেতিয়া তেওঁক পৰমহংস বলে । যি জীৱাত্মা আৰু পৰমাত্মা অভেদ জ্ঞান হৈ পৰমপদ প্রাপ্ত হৈছে তৱে পৰমহংস। নাভিদেশে ধ্যায়েৎ অর্থাৎ নাভিৰ মাজত ধাৰণ কৰিব। আপোনাৰ ক্ষুদ্ৰ নাভিত আৰু বিৰাটৰূপ আকাশ নাভিত তেজোয় জ্যোতিঃ, জগৎ পিতা,