পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাৰনিত্যক্রিয়া


পৰব্ৰহ্ম সূৰ্য্য়নাৰায়ণক ধ্যান আৰু ধাৰণা কৰিবৰ প্ৰয়োজন এই যে যেনে তুমি আহাৰ নকৰিলে স্থূল শৰীৰৰ উঠিবৰ সমৰ্থ নাথাকে,আহাৰ কৰিলে স্থূল শৰীৰত বল হয় আৰু উঠিবৰ ক্ষমতা হয়।সেই দৰে আধ্যাত্মিক বিষয়ে তুমি সূক্ষ্ম শৰীৰত তেজহীন বলহীন হৈ আছা, সেই জগৎমাতা জগৎপিতা জগদ্ গুৰু জগদাত্মা জ্যোতিঃ-স্বৰূপ সুৰ্য্যনাৰায়নক ধাৰণ কৰিলে আধ্যাত্মিক বিষয়ত উন্নতি হয়,তেজ, বল, বুদ্ধি আৰু জ্ঞান হৈ পূৰ্ণৰূপে পৰমাত্মাক ধাৰণ কৰিবৰ শক্তি জন্মে, মনত নিষ্ঠা আৰু ভক্তি হয়। জ্যোতিঃস্বৰূপ সূৰ্য্য়নাৰায়ণক ধাৰণ কৰিলে জীৱাত্মা আৰু পৰমাত্মা অভেদ দেখিবলৈ পাব আৰু ব্যবহাৰিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য় বুজি উত্তমৰূপে সমাধা কৰিব পাৰিব। উভয় কাৰ্য্য সিদ্ধি হলে সদায় নিৰ্ব্বিকাৰহৈ পৰমানন্দে থাকিব পাৰিব। গৃহস্থ আশ্ৰমত থাকিও কোনো বিষয়ত আসক্তি নজন্মিব। লাভ আৰু হানিত সুখত আৰু দুঃখত সমভাবে থাকি, দেখিব লক্ষ টকা লাভ হলে নিজৰ একো লাভ হোৱা নাই এবং লক্ষ হানি হলে নিজৰ একো হানি হোৱা নাই,তুমি যেনে আছিলা তেনেই আছা
 ত্যাগ আৰু গ্ৰহণ সম্বন্ধে বিচাৰ কৰি দেখা যে ব্ৰহ্মাণ্ডৰ মাজত তোমাৰ এনে কি বস্তু আছে যাক তুমি ত্যাগ বা গ্ৰহণ কৰিব পাৰা? যদি তোমাৰ নিজৰ কোনো বস্তু হলহেতেন তেনে তুমি তাক ত্যাগ বা গ্ৰহণ কৰিলা হেতেন। এই বিশ্বৰ মাজত তোমাৰ কোনো বস্তু নিজৰ নহয়, আন কি এই স্থূল দেহো তোমাৰ নহয়, কাৰণ মৃত্যুকালত ইয়াক লগত লৈ যাব নোৱাৰিবা, সুতৰাং তোমাৰ ত্যাগ আৰু গ্ৰহণ একো নাই,তোমাৰ আমাৰ অজ্ঞানতাত ত্যাগ আৰু গ্ৰহণ মাত্ৰ। তুমি আৰু তোমাতকৈ পৃথক পৰমাত্মা