পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূৰ্য্যনাৰায়ণ অগ্নিত আহুতি প্রদান ৫৭

নােৱাৰে। সুতৰাং ধৰ্ম্ম কাৰ্য্য অর্থাৎ সাধনাও সুচাৰুৰূপে বা আদৌ নহয় । জীৱই যে সংসাৰত থাকি সদায় নানা প্রকাৰ কষ্ট লােগ কৰে, সাধন বল নথকাই তাৰ একমাত্ৰ কাৰণ। এই নিমিত্তে অনাদি সনাতন ধৰ্ম্মত প্রথমৰে পৰা ল'ৰা কালত বিদ্যাৰ লগে লগে ধৰ্ম্ম অর্থাৎ ঈশ্বৰ বিষয়ক জ্ঞান আৰু মুক্তি উপার্জন কৰি সংসাৰত সােমােৱা ব্যবস্থা আছে। ব্রাহ্মণ ক্ষত্রিয় আৰু বৈসকলৰ যেতিয়া উপনয়ন হয় তেতিয়া সদুপদেশ আৰু সৎশিক্ষা আৰু দীক্ষা দিয়া হয় । তেতিয়া সিহঁতক এইমাত্র কোৱা যায় যে আজিৰ পৰা তুমি দ্বিজ হৈছা। তােমাৰ কাৰ্য ব্রহ্মচর্য অবলম্বন কৰি বেদপাঠ কৰা, “ওঁ” মন্ত্র ব্রহ্ম গায়ত্রী জপ কৰা, অগ্নিত আহুতি দিয়া আৰু সাবিত্রী জগৎজননী বুলি বিৰাট সূৰ্য্যনাৰায়ণক ধ্যান ধাৰণা কৰা। এইসকল কাৰ্য্য কৰিলে তােমাৰ জ্ঞান হৈ মুক্তি হব, আৰু ব্য- হাৰিক পিৰমার্থিক উভয় কাৰ্য্য সিদ্ধি হব।

উপনয়ন হবৰ সময়ত বেদ পাঠ কৰিবলৈ কোৱাৰ কাৰণ এই যে বেদ পাঠ কৰিলে ঈশ্বৰ অর্থাৎ পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু সত্য আছে মনত বিশ্বাস হব আৰু মন পবিত্র হব। ” মন্ত্ৰ আৰু ব্ৰহ্ম গায়ত্রী জপ কৰিবৰ কাৰণে কোৱাৰ অৰ্থ এই যে পূণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ নাম ওঁ আৰু ব্ৰহ্ম গায়ত্রী, সেই মন্ত্র বা নাম লৈ তেওঁক মাতিব। সূৰ্য্যনাৰায়ণক সাবিত্রী বুলি ধাৰণ কৰিবৰ কাৰণে কোৱাৰ অৰ্থ এই যে নিৰাকাৰ ব্ৰহ্মক প্রথমে ধাৰণ কৰিব নােৱাৰিব, নিৰাকাৰ ব্ৰহ্ম প্রত্যক্ষ সাকাৰৰূপ তেজোময় জ্যোতি সূৰ্য্যনাৰায়ণ বিৰাটৰূপে বিৰাজমান আছে, এই নিমিত্তে পরমাত্মাৰ ৰূপ আৰু আনাৰ ৰূপ সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ বুলি ধাৰণ কৰি, নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে উপাসনা কৰিব । জ্যোতিঃস্বৰূপ