পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫৬ সাৰনিত্যক্রিয়া

সেই ধৈৰ্য্য নাই, সেই তেজ নাই, সেই সাহস নাই, সেই বিক্রম নাই, সেই একতা নাই, সেই কাৰ্য্যতৎপৰতা নাই, সেই তিতিক্ষা নাই, সেই নিষ্ঠা নাই, সেই ভক্তি নাই, সেই দয়া নাই, সেই ধৰ্ম্ম নাই, সেই সাধনা নাই, সুতৰাং সেই সিদ্ধিও নাই। সকলাে বিষয়তে বলহীন হৈ আছে । ল’ৰ কালত সন্তানসকলক সত্য ধৰ্ম্মৰ সদুপদেশ আৰু সৎ শিক্ষা দিয়া পিতা মাতাৰ কৰ্তব্য। কিন্তু অতি অলপ পিতা মাতাই হে এই কাৰ্য্য কৰে। পূৰ্ব্বকালৰ অর্থাৎ বৈদিক সময়ৰ নিচিনা মাক বাপেকে সন্তানসকলক শিক্ষা দীক্ষা দিয়া হলে জগতৰ কত মঙ্গল সাধিত হল হেতেন তাক কব নোৱাৰি । লৰ কালত ব্রহ্মচর্য অবলম্বন, জ্ঞান আৰু মুক্তি উপাৰ্জন কৰি সংসাৰত প্রবেশ কৰিলে সিহঁতৰ পৰা সংসাৰ যে সুচাৰুৰূপে চলিব তাক কোৱা বাহুল্য। কাৰণ গৃহস্থাশ্ৰমত অসীম কাৰ্য্য কৰিব লগাত পৰে। সুতৰাং তাত অসীম বুদ্ধি বা জ্ঞানৰ প্রয়ােজন। বালক কালত পুত্র কন্যাৰ শৰীৰ ইন্দ্রিয় মন স্বাভাবিক পবিত্র নিঃসংস্কাৰ আৰু নিষ্কপট থাকে। সেই কালত ব্রহ্মচর্য্য অর্থাৎ পূর্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপ সম্বন্ধীয় সৎশিক্ষা প্রদান কৰিলে বয়স বৃদ্ধিৰ লগে লগে জ্ঞান বুদ্ধি আৰু ব্ৰহ্মনিষ্ঠা বৃদ্ধি হয়। সি প্রথমেই আপােনাক উদ্ধাৰ কৰে আৰু সংসাৰত সোমাই সংসাৰকো উদ্ধাৰ কৰে । বুঢ়া কালত ধৰ্ম্ম উপার্জন কৰিবলৈ গলে সিদ্ধি হােৱা বৰ কঠিন, কিয়নাে লৰা কালৰে পৰা মন অসৎ পদাৰ্থত লিপ্ত থাকে, যৌবনত ইন্দ্ৰিয়ৰ প্রবল প্রতাপত বশীভূত হয়। সুতৰাং বুঢ়া কালত ইন্দ্রিয়াদি মন নিস্তেজ হৈ কাৰ্যকৰী ক্ষমতা আৰু নাথাকে, এই নিমিত্তে মন সংযত নহয় । যি অভ্যাস শিশু অাৰ পৰা সাধাৰণ জ্ঞানৰ লগত লগৰীয়া হৈ আহিছে সেই অভ্যাস একোতেই এৰিব