“ও” মন্ত্র জপৰ কাৰণ
পৰমত্মাৰ “ও” নাম অর্থাৎ “ও” মন্ত্র জপ কৰিবৰ
কাৰণ এই কোনাে পুত্র কন্যাৰ মাতা পিতাক মাতিবৰ প্রয়ােজন
হলে, মাতা পিতা বুলি মাতিব লগা হয় আৰু যেতিয়া মাতা পিতাই
উত্তৰ দিয়ে তেতিয়া আৰু প্ৰয়ােজন নাথাকে। সেই দৰে মাত।
পিতাৰূপী ও পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট গুৰু আত্মা মাতা
পিতা অজ্ঞান দূৰ কৰিবৰ নিমিত্তে ভক্তি কৰি ওঁ” নাম লৈ
মাতিব লাগে । আৰু যেতিয়া ” পূর্ণপৱব্ৰহ্ম জ্যোতিঃস্বৰূপ
তােমাৰ ভিতৰে আৰু বাহিৰে প্ৰকাশ হব তেতিয়া আৰু তেওঁক
“ও” নাম লৈ মাতিবৰ প্ৰয়োজন নাথাকিব । তেওঁ তােমাৰ
সকলাে প্ৰকাৰৰ অজ্ঞানতা আৰু ভ্রম দূৰ কৰি আৰু দুঃখ গুচাই
পৰমানন্দে আনন্দৰূপ ৰাখিব ।
সূৰ্য্যনাৰায়ণ অগ্নিত আহুতি প্রদান সূৰ্যনাৰায়ণৰ প্যান আৰু ব্ৰহ্ম গায়ত্রী সম্বন্ধে বিচাৰ
অনাদি সনাতন ধর্ম অর্থাৎ পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ প্রত্যক্ষ বিৰাট ৰূপে জগৎপিতা জগন্মাতা জগদগুৰু জগদাত্মা বিৰাজমান আছে। তেওঁক এৰি আৰ্যসকলৰ আজি কি দুর্দশা নহৈছে ?