পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাৰনিত্যক্রিয়া

যি গুৰুৱে শিষ্যক মঙ্গলৰ নিমিত্তে বা জ্ঞান মুক্তিৰ নিমিত্তে মন্ত্র দিয়ে, সেই মন্ত্রদাতা গুৰুৰ এই কথা নিশ্চয় বােধ হােৱা উচিত যে তেওঁৰ নিজৰ জ্ঞান আৰু মুক্তি হৈছে নে নাই ? যদি তেওঁ নিজে জ্ঞানমুক্ত হৈছে, তেন্তে যি পৰমাত্মাৰ পৰা জ্ঞান আৰু মুক্তি পাইছে তেওঁকে দেখাই শিষ্যক উপদেশ দিলে সাধাৰণৰ মঙ্গল হব। যদি তেওঁৰ নিজৰ জ্ঞান হােৱা নাই যে নিজে কোন, মন্ত্র কি, কাৰ নাম ক’ত আছে, নিৰাকাৰ বা সাকাৰ, আৰু যাক মন্ত্র দিছে সেই শিষ্যৰ ৰূপ কি, আৰু এই শিষ্যক যি জনে জ্ঞান দি মুক্ত কৰিব তেওঁৰ স্বৰূপ কি ? এই সকলো স্বৰূপ বোধ নিশ্চয় নাথাকি, নিজৰ স্বাৰ্থৰ নিমিত্তে মন্ত্র দিলে, তেওঁৰ আৰু জগতৰ তমঙ্গলৰ সীমা নাথাকে, ঈশ্বৰৰ ওচৰত অপৰাধী হয় । যি গুৰুৰ এইরূপ স্বৰূপ বােধ নাই তেওঁ প্রপঞ্চ কৰি শিষ্যক মন্ত্র দি অধৰ্ম্ম নবঢ়াই স্পষ্ট কৈ দিব যে মোৰ কি ৰূপ আৰু শিষ্যৰ কি ৰূপ, আৰু যি জনে মুক্তি দিব তেওঁৰ কি ৰূপ, মন্ত্র কাক বােলে আৰু মন্ত্র কাৰ নাম, নিৰাকাৰ বা সাকাৰ সেই কথা মই নাজানাে, মােৰ জাতীয় ব্যবসায় জীবিকা নির্বাহৰ জন্যে মন্ত্র দিছো, মােৰ অপৰাধ ঈশ্বৰে আৰু তােমালােকে ক্ষমা কৰিবা ।

গুৰু কৰাৰ প্ৰয়োজন কি ? যেনে পিয়াহ গুচাবৰ নিমিত্তে পানী খােৱাৰ প্ৰয়ােজন হয়, সেই দৰে অজ্ঞান দূৰ কৰিবৰ নিমিত্তে আৰু জ্ঞান মুক্তি পাবৰ নিমিত্তে পৰম গুৰু পৰমাত্মা বিষাট জ্যোতিঃস্বৰূপক গুৰু কৰাৰ আবশ্যক।