পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গুৰু কাক বােলে ? ৫৩

ৰাতিপুৱা দুপৰীয়া আৰু গধুলি শ্রদ্ধা ভক্তি কৰি নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে বিৰাট ভগবান চন্দ্রমা সূৰ্য্যনাৰায়ণ জগৎ গুৰু মাতা-পিতা পৰমাত্মক প্রণাম কৰিবা । তেওঁ তােমালােকৰ সকলো প্ৰকাৰ দুঃখ কায়িক আৰু মানসিক অজ্ঞান বা জ্ঞানকৃত যি কোন প্ৰেকাৰৰ পাপ কৰিছা, তাক দূৰ কৰি পৰমানন্দ ৰাখিব, ইয়াক সত্য সত্য জানিবা । যি দৰে অগ্নিদেবে সকলাে প্ৰকাৰৰ স্থূল পদার্থ (চন্দন বিষ্ঠা প্রভৃতি) সকলােকে ভস্ম কৰি আপােনাৰ ৰূপ কৰি নিৰাকাৰ হয়, সেই দৰে পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপে সকলো প্ৰকাৰৰ পাপ আৰু অজ্ঞানতা ভষ্ম কৰি জীৱাত্মা আৰু পৰমাত্মা অভেদ কৰি পৰমানন্দে আনন্দৰূপ ৰাখে। ই সকলে। শাস্ত্ৰৰ সৰি ভাব।

গুৰু কাক বোলে ? গু শব্দৰ অৰ্থ অন্ধকাৰ অর্থাৎ অজ্ঞানতা, আৰু ৰু শব্দৰ অর্থ প্রকাশ, যেনে সূৰ্য্যনাৰায়ণ প্রকাশ হলে এন্ধাৰ নাথাকে, সেই দৰে তেৱেঁই গুৰু, যি প্রকাশ হলে অজ্ঞানতা নাথাকে জীবাত্মা মাৰু পৰমাত্মা অভেদ কৰি পৰমানলে আনন্দৰূপ ৰাখে। অর্থাৎ পুর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপেই পৰম গুৰু পৰমাত্মা মুক্তি আৰু জ্ঞান টাতা, তেওঁৰ বাহিৰে আন গুৰু কোনাে নাই আৰু হবও নােৱাৰিব। | যি সত্য পথে গৈছে, সত্যত যাৰ প্রগাঢ় নিষ্ঠা, যি সত্য বলে, যাৰ সত্য ব্যবহাৰ, সত্যই প্রিয়, আৰু সকলােকে সমভাবে খি সৎ উপত্রেশ দিয়ে, তেওঁ লৌকিক সৎগুৰু অর্থাৎ উপদেশ ক। এই প্রকাৰ লােকৰ ওচৰত সৎ উপদেশ লােৱা উচিত।