পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সাৰনিত্যক্রিয়া


সেই ইন্দ্ৰিয়ৰ দ্বাৰাই সেই কাৰ্য্য সমাধা কৰিলে সহজে কাৰ্য্য সমাধা হব আৰু ঈশ্বৰৰ আজ্ঞা আৰু ধৰ্ম্ম পালন হব। যদি ইয়াৰ বিপৰীত কৰি ভৰিৰে নচলি জিদ্ কৰি মূৰেৰে চলিব খোজা তেনে চলিব নোৱাৰিবা অনৰ্থক কষ্ট হব, আৰু ঈশ্বৰৰ আজ্ঞা লঙ্ঘনৰ নিমিত্তে অধৰ্ম্ম হব। যেনে ঈশ্বৰৰ নিয়ম ভোক লাগিলে অন্ন আহাৰ কৰা,পিয়াহ লাগিলে পানী খোৱা, ঘৰত এন্ধাৰ হলে অগ্নি দ্বাৰাই জোনাক কৰা। যদি জিদ্ কৰি অগ্নিৰ দ্বাৰাই জোনাক নকৰি পানী কিম্বা বৰফৰ দ্বাৰাই জোনাক কৰিব খোজা, তেনে জোনাক নহব, অনৰ্থক পৰিশ্ৰম হে সাৰ হব। যদি অগ্নিৰ দ্বাৰাই সহজে জোনাক কৰা তেনে সহজেই এন্ধাৰ দূৰ হৈ জোনাক হব আৰু কাৰ্য্য় সিদ্ধি হব। সেই দৰে মানুহৰ পাৰমাৰ্থিক বিষয় অৰ্থাৎ জ্ঞান আৰু মুক্তিৰ আবশ্যক হলে, ধন বা কোনো প্ৰকাৰ প্ৰপঞ্চৰ আবশ্যক নকৰে, কেবল মন নিচ্ছল আৰু কপটতা ৰহিত হোৱা আবশ্যক। অজ্ঞানৰূপ ৰোগ গুচাবৰ নিমিত্তে কেবল মাত্ৰ জ্ঞানৰূপী তেজোময় জ্যোতিঃস্বৰূপ বিৰাট ভগবান ঔষধৰ প্ৰয়োজন। অৰ্থাৎ ভক্তি আৰু শ্ৰদ্ধা কৰি পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতা পৰমাত্মা বিৰাট ব্ৰহ্ম চন্দ্ৰমা সূৰ্য্যনাৰায়ণ দেবক হৃদয়ত ধাৰণ কৰা,আৰু তেওঁৰ নাম “ওঁ” মন্ত্ৰ জপ কৰা, অৱস্থানুসাৰে যথা শক্তি নিতৌ আহুতি দিয়া। যাৰ আহুতি দিবৰ ক্ষমতা নাই, তেওঁৰ নিদিলেও কোনো হানি নাই। কিন্তু ঈশ্বৰে যাক ধন আৰু ঐশ্বৰ্য্য দিছে, তেওঁৰ আহুতি দিয়া উচিত। যাৰ বস্তু, তেওঁক প্ৰীতি আৰু ভক্তি কৰি নিদিয়া ঐশ্বৰ্য্যশালী লোকসকলৰ উচিত নহয়। ধন ঐশ্বৰ্য্য থাকোতে যদি জীৱক আহাৰ আৰু অগ্নি ব্ৰহ্মত আহুতি নিদিয়ে তাক পৰমাত্মাৰ ওচৰত চোৰ বুলি জানিবা। সকলোৱে