মনুষ্যৰ আৱশ্যক কি ৫১
পৰমাত্মক প্রেমভক্তিৰে সৈতে স্মৰণ কৰা তাতে উভয় কাৰ্য্য সিদ্ধি হব। জন্ম মৃত্যুৰ সংশয় নকৰিব। অনাদি কালৰ পৰা পৰমাত্মা সৈতে অভেদ ভাৱে পূৰ্ণৰূপে বিৰাজ হৈ আছ। কোনো ঠাইৰ পৰা অহা নাই আৰু কোনাে ঠাইলৈ যোৱা নহব। আকাশৰূপী পৰমাত্মাতে আছা আৰু থাকিব।
মনুষৰ আবশ্যক কি।
মনুষ্য মারে দুটি বিষয় আবশ্যক, ব্যবহাৰিক আৰু পাৰ- মার্থিক । ব্যবহাৰিক কাৰ্যত গৃহস্থসকলৰ কি কৰা উচিত ? প্রথম বিদ্যা শিক্ষা কৰা, তাৰ পাছে ধন ঘটা যাতে গৃহস্থসকলে মানসিক আৰু শাৰীৰিক কোনাে প্রকাৰৰ অন্ন-বস্তুৰ কষ্ট নাপায়, আৰু আনকে। কষ্ট নিদিয়ে আৰু নেদেখে, আৰু পৰম্পৰ পৰম্পৰৰ কষ্ট গুচাবৰ উপায় কৰে। সেয়ে হলে ঈশ্বৰৰ আজ্ঞা আৰু ধৰ্ম পালন হয়। স্কুল শৰীৰৰ যি ৰােগত যি ঔষধ ব্যবহাৰ কৰিলে নিবাৰণ হয়, সেই ৰােগত সেই ঔষধ ব্যবহাৰ কৰা উচিত। ভগবানৰ নিয়ম, ক্ষুধা ৰোগ হলে অনুৰূপ ঔষধ আহাৰ কৰা, পিয়াহ ৰােগ হলে পানীৰূপ ঔষধ খােৱা, জাৰ ৰোগ হলে বস্তুৰূপ ঔষধৰ দ্বাৰাই জাৰ নিবাৰণ কৰা, আৰু এন্ধাৰ ৰােগ হলে অগ্নিৰূপ ঔষ ধেৰে প্ৰকাশ কৰা উচিত। এই দৰে সকলাে বিষয়ে ঈশ্বৰৰ আজ্ঞা আৰু নিয়ম মতে কাৰ্য্য বিচাৰ কৰি সমাধা কৰিব। যেনে পৰ- মাত্মাই তোমাৰ অঙ্গ প্রত্যঙ্গ যি কাৰ্য্য নিষ্পন্ন কৰিবৰ নিমিত্তে গঠন কৰি দিছে আৰু যি ইন্দ্ৰিয়ৰ দ্বাৰাই যি কাৰ্য্য নিষ্পন্ন হয়