সমললৈ যাওক

পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সাৰনিত্যক্রিয়া


এই বাৰী সকলো প্ৰকাৰে উত্তমৰূপে ৰক্ষণাবেক্ষণ কৰিবা, সময়ত তোমাক পুৰস্কাৰ দিম। যদি বাৰীচোৱাই ৰজাৰ আজ্ঞা পালন অৰ্থাৎ বাৰী উত্তমৰূপে পৰিস্কাৰ আৰু ৰক্ষণাবেক্ষণ নকৰি কেবল মাত্ৰ বহি ৰজাৰ নাম লৈ প্ৰভু প্ৰভু বুলি মাতি থাকে তেনে কি ৰজাই বাৰীচোৱাৰ প্ৰতি তুষ্ট হৈ পুৰস্কাৰ দিব? কেতিয়াও সম্ভব নহয়, বৰং তেওঁ আজ্ঞা লঙ্ঘনৰ নিমিত্তে বাৰীচোৱাক দণ্ড দিব। যদি বাৰীচোৱাই ৰজাৰ আজ্ঞা মতে বাৰী উত্তমৰূপে ৰক্ষণাবেক্ষণ কৰে আৰু ভক্তিপূৰ্ব্বক তেওঁৰ শৰণাগত হয় আৰু মৰ্য্য়াদা ৰক্ষা কৰে তেহে ৰজা তুষ্ট হৈ অবশ্যে বাৰীচোৱাক পুৰস্কাৰ দিব,যাতে বাৰীচোৱাৰ কোনো বিষয়ে কষ্ট বা অভাব নহয়। সেইদৰে ৰজা প্ৰভুৰূপী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰমাত্মা বাৰীৰূপী এই জগত আৰু বাৰীচোৱা মনুষ্য মাত্ৰই আৰু তেওঁৰ আজ্ঞাৰূপ ব্যবহাৰিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য বিচাৰ কৰি সংসাৰ ধৰ্ম্ম উত্তমৰূপে পালন কৰিলে পৰমাত্মাই পুৰস্কাৰ ৰূপ জ্ঞান আৰু মুক্তি দিব, যাতে পৰমানন্দে আনন্দৰূপে থাকিব পাৰিবা আৰু জন্ম মৃত্যু প্ৰভৃতিৰ সংশয় নাথাকিব। যদি কোনোৱে এলাহ কৰি পৰমাত্মাৰ আজ্ঞা ব্যবহাৰিক কাৰ্য্য পৰিত্যাগ কৰি হাবিলৈ যায় আৰু মনত তৃষ্ণা থাকে তেনে পৰমাত্মাৰ আজ্ঞা লঙ্ঘনৰ নিমিত্তে অনেক কাল পৰ্য্য়ন্ত অজ্ঞান বশতঃ পৰমাত্মাৰ পৰা বিমুখ হৈ কষ্ট ভোগ কৰিব লাগিব। পৰমাত্মাৰ এনে কোনো নিয়ম নাই যে ঘৰত থাকি তেওঁৰ উপাসনা কৰিলে জ্ঞান আৰু মুক্তি নিদিব আৰু হাবিত গৈ আড়ম্বৰ কৰিলেহে জ্ঞান আৰু মুক্তি দিব, সি কেতিয়াও নহয় ইয়াক নিশ্চয় জানিবা। তোমালোকে কোনো বিষয়ত ভয় চিন্তা নকৰিবা সংসাৰ ধৰ্ম্ম পৰমাত্মাৰ আজ্ঞা পালন কৰা আৰু