কামনা ভষ্ম।
মনৰ চঞ্চলতা আৰু কাম পৰমাৰ উপাসনাৰ দ্বাৰাই ভক্ষু হয়, যেনে স্থূল পদার্থ মাত্রেই অগ্নি ব্যতীত ভষ্ম নহয় কেবল মাত্র অগ্নিৰ দ্বাৰাই ভষ্ম হৈ নিৰ্বাণ হয়, আৰু তদপৰে আৰু নানা প্ৰকাৰ পদার্থ নামৰূপ গুণ ক্রিয়া নাথাকে। সেইদৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ব্ৰহ্ম চন্দ্রমা সূৰ্য্যনাৰায়ণ জগদগৰু মাতা পিতা আত্মক ভক্তি পূৰ্ব্বক ধাৰণ কৰিলে সকলােৰে মনৰ বিকাৰ আৰু বেতঃ আদি ভগ্ন হৈ মন শান্ত হয় আৰু জীৱাত্মা পৰমাত্মা অভেদ হৈ পৰমানন্দে আনন্দৰূপ থাকে। এই জ্যোতিঃস্বৰূপ গুৰু মাতা পিতা আত্মা জ্ঞান জ্যোতি ব্যতীত কাম আৰু অজ্ঞানতা কেতিয়াও অন্য কোনো উপায়ে ভষ্ম নহয় । যি অন্তৰৰ জ্যোতি বা জ্ঞান বাহিৰত সেই জ্যোতিঃ বা জ্ঞান। বাহিৰৰ যি জ্যোতিঃ বা জ্ঞান বা বুদ্ধি সেয়ে অন্তৰত জ্যোতিঃ জ্ঞান বুদ্ধিৰূপে প্রকাশিত। জ্যোতিঃৰ নাম জ্ঞান আৰু জ্ঞানৰ নাম জ্যোতিঃ।
মনুষ্যৰ প্রতি ঈশ্বৰৰ আজ্ঞা। মানুহ মাত্ৰৰে বিচাৰ কৰা উচিত যে, গৃহস্থ ধৰ্ম্মত থাকি কি জ্ঞান নয়, কে এল মস্তক মুণ্ডন আৰু নানা ভেশ ধাৰণ কৰি বনবাসত গলেহে কি ঈশ্বৰ তুষ্ট হৈ জ্ঞান আৰু মুক্তি দিয়ে ? তেনে কেতিয়াও নহয়। বৰং বিপৰীত হে হয়। এজন ৰজাই বাৰীত বাৰীচোৱা ৰাখি আজ্ঞা কৰিলে যে