পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাৰনিত্যক্রিয়া


চলা আৰু আপোন আপোন পুত্ৰ কন্যাসকলক সৎশিক্ষা দিয়া উচিত,যাতে সিহঁতে অনৰ্থক ৰেতঃ নষ্ট নকৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে সমাধা কৰি পৰমানন্দে আনন্দৰূপে থাকিব পাৰে।
 গৃহস্থসকলে যদি ঈশ্বৰৰ নিয়ম অনুসাৰে সন্তান উৎপত্তিৰ নিমিত্তে এমাহ কিম্বা এক পক্ষ অন্তৰে ৰেতঃ ত্যাগ কৰে আৰু পৰমাত্মাত প্ৰেম ভক্তি ৰাখে তেনে তেওঁলোকৰ ব্ৰহ্মচৰ্য্য নষ্ট নহয়।স্বপ্ন অৱস্থাত যদি ৰেত নষ্ট হয় তাতে অধিক হানি নাই, কিন্তু আপোনাৰ ইচ্ছাত সদায় ৰেতঃ নষ্ট কৰা নিতান্ত অকৰ্ত্তব্য। স্বপ্নত ৰেতঃ নষ্ট হলে ব্ৰহ্মচৰ্য্য নষ্ট নহৰ। গৃহস্থসকলে এই প্ৰকাৰ নিয়মত ব্ৰহ্মচৰ্য্য ধাৰণ আৰু পৰমাত্মাৰ উপাসনা কৰি গৃহস্থ ধৰ্ম্মত থাকিয়েই গৃহস্থ, ব্ৰহ্মচৰ্য্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি ধৰ্ম্ম পালন আৰু সিদ্ধি হয়। সকলো আশ্ৰমৰ মাজত গৃহস্থাশ্ৰম শ্ৰেষ্ঠ, গৃহস্থ ধৰ্ম্ম সকলো ধৰ্ম্মৰ আশ্ৰম। গৃহস্থসকলৰ ঈশ্বৰৰ নিয়মানুসাৰে অসীম কাৰ্য্য় কৰিব লগা হয়। অসীম বুদ্ধি বা জ্ঞান নহলে অসীম কাৰ্য্য উত্তমৰূপে কৰিব নোৱাৰে,গৃহস্থসকলৰ অসীম বুদ্ধি বা জ্ঞানৰ প্ৰয়োজন। হাবিৰ জন্তুৰ অসীম বুদ্ধি বা জ্ঞানৰ আৱশ্যক নাই। যেতিয়া মানুহৰ জ্ঞান অৰ্থাৎ স্বৰূপ বোধ (সমদৃষ্টি ) হব তেতিয়া তেওঁ নিজেই বিচাৰ কৰি ইচ্ছা মতে ব্যৱহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য কৰিব আৰু কৰাব। তাৰ কোনো বিধি নিষেধ নাই, তেওঁৰ চৰণ ধূলিত সকলো পবিত্ৰ হব।