বেদ পাঠৰ অধিকাৰ ৪৫
হয় সেই অৱস্থাত তেওঁক ব্রাহ্মণ বােলে। যেতিয়া শূদ্ৰ অৱস্থাৰ
জীৱে মুক্তিৰ নিমিত্তে জ্ঞান বাণিজ্য কৰে তেতিয়া তেওঁক বৈশ্য
জানি। সেই জীৱে যেতিয়া সত্যত নিষ্ঠা বা ৰাজ্য কৰে, ব্রহ্মাণ্ড-
ময় জীৱমাত্র প্রজাক পালন কৰিবৰ সক্ষম হয় তেতিয়া তেওঁক
ক্ষত্রিয় জানিবা। যেতিয়া জগৎময় আপােন আত্ম বুলি সেই জীৱে
জানে যে সকলাে মােবে আত্মা আৰু পৰমাত্মাৰ স্বৰূপ, সেই অৱ-
স্থাৰ জীৱক ব্রাহ্মণ বুলি জানিবা।
'
“শূদ্রঃ ব্রাহ্মণতামেতি ব্রাহ্মণশ্চেতি শূদ্ৰতাং।
ক্ষত্রিয়া জাতমেবন্তু বিদ্যাৎ বৈশ্যাস্তথৈবচ ॥
ইয়াৰ তাৎপৰ্য এই যে, শূদ্র, বৈশ্য আৰু ক্ষত্রিয় যি কোনােৱে
শ্রেষ্ঠ কাৰ্য্য কৰিব সেয়ে ব্রাহ্মণ হব আৰু ব্রাহ্মণ কুলত জন্ম হৈ
যদি অধম কাৰ্য কৰে তেনে সেই লােক শূদ্র হব। শ্রীমদ্ভাগবতত
লেখা আছে যথা—
“বিদ্বিষড়গুণযুতাদৰ বিন্দনাভ
পাদাৰবিন্দ বিমুখাৎ শপচং বৰিষ্ঠং।
মতেদর্পিত মনোবচনে হিতার্থং
প্রাণং পুনাতি সকুলং নতু ভুৰিমানঃ ॥”
ইয়াৰ তাৎপৰ্য্য এই যে, বিপ্র (ব্রাহ্মণ) যদি জ্ঞান, সত্য,
দম, শাস্ত্রজ্ঞান, অমাৎসর্য্য, লজ্জা, ক্ষমা, ক্রোধশূন্যতা, যজ্ঞ, দান,
ধৈৰ্য্য, শম এই বাৰ গুণযুক্ত হৈয়ে বিষ্ণু ভগৱানত নিষ্ঠা ভক্তিযুক্ত
নহয় তেনে সি চণ্ডালতকৈয়ে অধম, নিজেই অপবিত্র আপােন
কুল বা আনক কি পবিত্র কৰিব ? পৃথিবীয়ে তাৰ ভাৰ বহন
কৰিবৰ অক্ষম । আৰু যদি চণ্ডাল হৈয়ো আপােনাৰ মন, ধন
আৰু তনু বিষ্ণু ভগৱানত অর্থাৎ পূর্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু
পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
