পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪৪ সাৰনিত্যক্রিয়া

আহুতি দিবৰ প্ৰয়োজন আৰু অধিকাৰী । সকলােৱে বুজি চোৱা উচিত যে শূদ্ৰ আৰু স্ত্রী কাক বােলে। যদি স্কুল শৰীৰক শূদ বা স্ত্রী বােলা তেনে সকলােৰে স্থল শৰীৰ শূদ্ৰ আৰু স্ত্রী হব । আৰু যদি আত্মক শূদ্র বা স্ত্রী বেলা তেনে সকলোৰে আত্মা শূদ্ৰ আৰু স্ত্রী। শাস্ত্ৰত যি স্থান পর্যন্ত জীৱৰ বােধাবােধ আৰু মনৰ গতি আছে আৰু যাৰ দ্বাৰাই বােধাবোধ হৈ তাকে (প্রকৃতি শক্তি) স্ত্রীলিঙ্গ বােলে, যি. ঠাইত বােধাবােধ আৰু মনৰ গতি যাব নােৱাৰে অর্থাৎ যি প্রকৃতি আৰু শক্তিৰ অতীত তাকে শান্ত্রত (চৈতন্য ) পুৰুষ বােলে । অতএব শক্তিবিহীন পুৰুষ অনধিকাৰী, কাৰণ অক্ষম, আৰু স্ত্রী অধিকাৰী কাৰণ সক্ষম। স্বৰূপ পক্ষত স্ত্রী আৰু পুৰুষ কাৰণ পৰব্ৰহ্ম, কাৰণ পৰব্ৰহ্মৰ পৰা বেলেগ একো নাই । অতএব মানুহ মা এ সকলোৰে জ্ঞান মুক্তি, অর্থাৎ ব্ৰহ্মপদ প্রাপ্তিৰ নিমিত্তে উল্লিখিত কৰ্ম কৰি অধিকাৰ আৰু বিধি আছে । তাত কোনাে সন্দেহ নাই আৰু শাস্ত্ৰত লেখা আছে, “জন্মনা জাগতে শূদ্রঃ সংস্কাৰাৎ দ্বিজ উচ্যতে। বেদাভ্যাসাৎ ভবেদ্বিপে। ব্ৰহ্ম জানাতি ব্রাহ্মণঃ ॥”— অর্থ এই যে, যেতিয়া জীৱ মাতা-পিতাৰ ৰজঃ বীৰ্যৰ পৰা উৎপন্ন হয় তেতিয়া সেই জীৱক শূদ্র বােলে । আৰু যেতিয়া সেই শূদ্র জীৱৰ পৰমেশ্বৰ সম্বন্ধী সৎসংস্কাৰ হয় তেতিয়া সেই জীৱক দ্বিজ বােলে, দ্বিজ নামে ব্রাহ্মণ ক্ষত্রিয় বৈশ খ্যাত হয় । আৰু যেতিয়া সেই জীৱে বেদ পাঠ কৰি ইন্দ্রিয়ক শুদ্ধ কৰে আৰু পৰমাত্মত নিষ্ঠাবান হয় তেতিয়া তাৰ নাম বিপ্র হয়। বিপ্র অর্থাৎ যাৰ তেজ, বল, জ্ঞান আৰু শান্তি তাছে। আৰু যেতিয়া সেই জীৱে ব্ৰহ্মক জানে অর্থাৎ জীৱাত্মা পৰমাঝাৰে সৈতে এক আৰু অভিন্ন