পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বেদ পাঠৰ অধিকাৰ

সামাজিক কোনাে হিন্দু শাস্ত্ৰত লেখা আছে যে, বেদ পাঠ কৰা আৰু ও ময় ব্রহ্ম গায়ত্রী জপ, আৰু স্বাহা বুলি অগ্নিত আহুতি দিবৰ শূদ্ৰ আৰু স্ত্রীলােকৰ অধিকাৰ নাই। কিন্তু গম্ভীৰ আৰু শান্ত- ৰূপে অপােন আপােন মান অপমান জয় পৰাজয় আৰু সামাজিক স্বার্থ এৰি বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰিবা যাতে জগতৰ মঙ্গল হয়। অধিকাৰী অনধিকাৰী পৰমাত্মাৰ কৃত নহয়। সামাজিক মানুহৰ দ্বাৰাই কৃত । পমাত্মাই যাক যিহৰ অধিকাৰী কৰে তেওঁ সেই কামত অসমর্থ নহয়, তেওঁৰ কৃত অনধিকাৰী সেই কামত সমর্থ নহয়। যেনে চক্ষু দেখাৰ অধিকাৰী আৰু শুনাৰ অনধিকাৰী। কাণ শুনাৰ অধিকাৰী কিন্তু দেখাৰ অনধিকাৰী । চক্ষু দেখাত অক্ষম আৰু শুনত সক্ষম আৰু কা- শুনাত অক্ষম আৰু দেখত সক্ষম কেতিয়াও নহয়। সেই দৰে পৰমাত্মা কৃত বেদ পাঠৰ অধিকাৰী বেদ বিমুখ আৰু অনধিকাৰী বেদ পাঠ কৰা সক্ষম নহয় । পৰ- মাত্মাই সকলোকে জ্ঞান দি বেদ পাঠৰ অধিকাৰী কৰি দিছে। যদি পৰমাত্মাই কাৰােবাক অনধিকাৰী কৰিলে হেতেন, তেনে আমাৰ কোনাে বিবাদৰ প্ৰয়ােজন নাথাকিল হেতেন । কাৰণ পৰমাত্মাকৃত অনধিকাৰী মানুহ কেতিয়াও সেই কাম অর্থাৎ বেদ পাঠ কৰিবৰ সক্ষম নহল হেতেন। এই প্ৰকাৰে অধিকাৰী অনধিকাৰীৰ ভাব। বুজিবা। ৰাৰ ঘৰত এন্ধাৰ আছে তাৰে অগ্নিৰ প্রয়ােজন হয়, যাৰ এন্ধাৰ নাই তাৰ অগ্নিৰ পােহৰৰ প্ৰয়ােজনাে নাই। সেই দৰে,যি লােকৰ অজ্ঞানতা আছে সেই লােকৰ জ্ঞানৰূপ পােহৰৰ প্ৰয়ে-