পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বেদ কাক বােলে ?


ৰূপে বিৰাজমান আছে। আদিতে যি পৃথিবী আছিল এতিয়াও সেই পৃথিবী আছে, সেই জল, অগ্নি, বায়ু, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ আদিতে যেনে আছিল এতিয়াও সেই দৰে বিৰাট ৰূপে বিৰাজমান আছে। নতুন সৃষ্টি কোনেও কৰিব পৰা নাই আৰু নোৱাৰিব আৰু যি আছে অনাদিৰে পৰা আছে, ইয়াৰ নতুন পুৰাতন একো নাই। সুতৰাং শাস্ত্ৰৰো নতুন পুৰাতন একোৱেই নাই।সাৰ বস্তুক গ্ৰহণ কৰা উচিত। চোৱা পূৰ্ব্বে আমি এক ৰজাৰ প্ৰজা আছিলো, তেওঁ ইচ্ছামত আমাৰ ওপৰত ৰাজদণ্ড চলাইছিল।তেওঁৰ ৰাজ্যৰ অবসানত আমি এতিয়া আৰু এক ৰজাৰ শাসনত আছো,এতিয়া যদি আমি কওঁ যে এই ৰজাক নামানো তেনে এওঁ আমাৰ কথা নুশুনিব, যি কোনো প্ৰকাৰে হয় আমাক শাসনত ৰাখিব। ইয়াত বুজা উচিত যে, এই ৰজা নতুনকৈ হোৱা নহয় পূৰ্ব্বে ৰজা (বস্তু) আছিল, এতিয়া পুনৰায় ৰজা হৈছে। কোনো পুত্ৰ কন্যাৰ বোলা উচিত নহয় যে প্ৰপিতামহ মৰিল, তেওঁ পুৰাতন,তেওঁক মানিম, পিতামহ নতুন এওঁক নামানো ই বৰ ভুল আৰু অন্যায়। সকলো পুত্ৰ কন্যাৰ বুজা উচিত যে এই পিতামহ আদিতে আছিল, সেই নিমিত্তে এতিয়া আহিছে, আদিত নথকা হলে এতিয়া নাহিল হেতেন। পিতামহক অপমান কৰিলে প্ৰপিতামহকো অপ- মান কৰা হয়। সাকাৰ বিৰাট জ্যোতিঃস্বৰূপ ব্ৰহ্মক অপমান কৰিলে নিৰাকাৰ ব্ৰহ্মকো অপমান কৰা হয়, আৰু নিৰাকাৰ ব্ৰহ্মক অপমান কৰিলে সাকাৰ জ্যোতিঃস্বৰূপ বিৰাট পুৰুষৰ অপমান কৰা হয়। এই দৰে বেদ শাস্ত্ৰ প্ৰভৃতিৰ সাৰভাব গ্ৰহণ কৰি পৰমানন্দে আনন্দৰূপ থাকিবা।