সমললৈ যাওক

পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাৰনিত্যক্রিয়া


বিৰাজমান আছে। যদি জ্ঞান স্বৰূপ ঈশ্বৰে লেখিছে তেনে বেদ বাইবেল কোৰাণ পুৰাণাদিৰ মাজত ইমান বিৰোধ দেখা হয় কিয়? ইয়াৰ মাজত কোনটোক বেদ বাইবেল পুৰাণ কোৰাণ বুলি স্বীকাৰ কৰা? আপোন আপোন জয় পৰাজয় মান অপমান সকলো প্ৰকাৰৰ মত নানা প্ৰকাৰ ভাব আৰু সামাজিক স্বাৰ্থ এৰি স্থিৰ চিত্তে নিৰপেক্ষভাবে বিচাৰ কৰি চোৱা, আৰু একমাত্ৰ সাৰ বস্তু নিৰাকাৰ সাকাৰ ৰূপে বিৰাজিত আছে, সেই পূৰ্ণ পৰব্ৰহ্ম জ্যেতিঃ-স্বৰূপ অখণ্ডকাৰ আত্মা গুৰুক হৃদয়ত ধাৰণ কৰা, পৰস্পৰৰ মনৰ সকলো প্ৰকাৰ ভ্ৰম যাব আৰু শান্তি পাবা। আৰু বেদ বাইবেল পুৰাণ কোৰাণ কাক বোলে জানিব পাৰিবা। যি লোকে পূৰ্ণ-পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবানক মানে সেই লোকে বেদ বাইবেল কোৰাণ প্ৰভৃতি সকলো শাস্ত্ৰৰ মৰ্য্যাদা ৰাখে। নতুবা যি লোকে মুখেৰে বেদ বাইবেল কোৰাণ প্ৰভৃতিক মানো বোলে অথচ তাৰ অৰ্থ নুবুজে, আৰু তাৰ কাৰ্য্য় নকৰে, স্বাৰ্থপ্ৰযুক্ত অন্তত এক ভাব আৰু বাহিৰত আন ভাব প্ৰকাশ কৰে, সেই লোক যথাৰ্থ বেদাদি শাস্ত্ৰৰ অমৰ্য্য়াদাকাৰী ভণ্ড। এইসকল লোকৰ কোনো কালে মঙ্গল নাই চিৰকাল অশান্তি ভোগ কৰে।

 বেদাদি সকলো শাস্ত্ৰৰে উদ্দেশ্য এক আৰু প্ৰতিপাদ্য সেই একমাত্ৰ পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰমাত্মা। যাক হৃদয়ত ধাৰণ কৰিলে ব্যবহাৰিক আৰু পৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে সম্পন্ন কৰা হয়,আৰু আত্মা চিৰশান্তি থাকে। ব্ৰহ্ম ব্যতীত এডাল তৃণ পৰ্য্য়ন্ত উৎপন্ন কৰিবৰ ক্ষমতা কাৰো নাই। ব্ৰহ্ম অনাদি, তেওঁৰ আদি নাই অন্ত নাই আৰু মধ্য নাই। যেনে তেনেই পৰিপূৰ্ণ আছে। নিৰাকাৰ ব্ৰহ্ম সাকাৰ জগত স্বৰূপে অনাদি কালৰ পৰা প্ৰত্যক্ষ বিৰাট-