পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বেদ কাক বােলে ?


লোকসকলে সেই সেই প্ৰকাৰৰ ভাব বুজিছিল আৰু বুজিছে। অপৰাপৰ অৱস্থাত পৰা লোকসকলে অপৰাপৰ অৱস্থাৰ লোকসকলৰ ভাব বুজিব নোৱাৰে। যি দৰে অজ্ঞান অৱস্থাত পৰা লোকসকলে জ্ঞানীসকলৰ ভাব, আৰু অজ্ঞানী আৰু জ্ঞানীলোকসকলে স্বৰূপ অৱস্থাপন্ন লোকসকলৰ ভাব বুজিব নোৱাৰে। যেনে স্বপ্নাবস্থাৰ লোকসকলে জাগৰিত অবস্থাৰ লোকসকলৰ ভাব বুজিব নোৱাৰে। আৰু স্বপ্ন আৰু জাগৰিত উভয় অৱস্থাৰ লোকসকলে সুষুপ্তি (টোপনি) অৱস্থাৰ লোকসকলৰ ভাব বুজিব নোৱাৰে। বিচাৰ কৰা উচিত যে, বেদ, বাইবেল, পুৰাণ, কোৰাণ কাক বোলে আৰু কি বস্তু? নিৰাকাৰ নে সাকাৰ? যদি নিৰাকাৰ হয় তেনে অদৃশ্য মন আৰু বাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ। যদি সাকাৰ হয় তেনে প্ৰত্যক্ষ দৃশ্যমান বিৰাট ব্ৰহ্ম। ইয়াৰ বাহিৰে আৰু কোনো নাই। তেন্তে বেদ, বাইবেল, কোৰাণ, পুৰাণাদি কাক বোলে? যদি সত্যক বোলা তেনে নিৰাকাৰ সাকাৰ পৰিপূৰ্ণ অখণ্ডাকাৰে এক অনাদি সত্য বিৰাজমান আছে। যদি মিছাক বোলা, তেনেহলে মিছা কি বস্তু? যদি কাগজ চিয়াহিক বোলা তেনে জগতৰ যত দপ্তৰখানাত কাগজ চিয়াহি আছে সকলো বেদ বাইবেল কোৰাণ পুৰাণ হব পাৰে। যদি শব্দক বোলা তেনে শব্দ মাত্ৰাই আকাশৰ গুণ, সুতৰাং সকলো শব্দ বেদ বাইবেল কোৰাণ পুৰাণ। যদি আকাশক বোলা তেনে এক সৰ্ব্বব্যাপী আকাশ,অনাদি কালৰ পৰা আছে, তাত কোনো উপাধি নাই, সুতৰাং কাৰো মতে সৈতে কাৰো বিৰোধী হোৱা উচিত নহয়। যদি জ্ঞানক বোলা তেনে জ্ঞান এটি নে দুটি? জ্ঞান এক। এক জ্ঞানময় ঈশ্বৰ অখণ্ডাকাৰে সকলোৰে বাহিৰে ভিতৰে পৰিপূৰ্ণৰূপে