পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সাৰনিত্যক্রিয়া


 “ধৃ” ধাতু (ধৰ্ম্ম) কি বস্তু সাকাৰ নিৰাকাৰ কিম্বা নিৰাকাৰ সাকাৰ সমষ্টি পূৰ্ণ? নিৰাকাৰ ব্ৰহ্মত ধাতু সংস্কাৰ হব নোৱাৰে,কাৰণ নিৰাকাৰ নিৰ্গুণ অৰ্থাৎ গুণাতীত। সাকাৰ বিৰাট ব্ৰহ্মৰ অঙ্গ-প্ৰত্যঙ্গকে শাস্ত্ৰত সাত ধাতু বোলে। যথা, পৃথিবী, জল, অগ্নি,বায়ু, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ, এই জ্যোতিঃস্বৰূপ বিৰাট ব্ৰহ্মই সকলো চৰাচৰক ধাৰণ কৰি, অনাদি কালৰ পৰা স্বয়ং আপোন আধাৰত পূৰ্ণৰূপে বিৰাজমান আছে। ইয়াৰ মাজত কোন অঙ্গ ধাতুৰ দ্বাৰাই জগৎ চৰাচৰ ধৃত নোহোৱা, আৰু কোন ধাতুৰ অংশৰ দ্বাৰাই তুমি চেতন হৈ সকলোকে ধাৰণ আৰু বোধাবোধ কৰা আৰু সুষুপ্তি অৱস্থাত তোমাৰ মাজত কোন ধাতুৰ অংশৰ অভাবে বোধাবোধ নাথাকে আৰু কোন ধাতুৰ অংশ প্ৰকাশ হলে বোধাবোধ আৰু ধাৰণ কৰা?

  এই বিশ্ব ব্ৰহ্মাণ্ড চৈতন্য পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণ পৰমাত্মাৰ দ্বাৰাই ধৃত আছে এওঁৰে নাম ধৰ্ম্ম। কাৰণ এওঁৰে বুদ্ধি চৈতন্য জ্ঞানৰ দ্বাৰাই আপোনাক বা সকলো জগত পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবানক ধাৰণ বা বোধাবোধ কৰিছা। এই “ধৃ” ধাতু জ্যোতিঃস্বৰূপ যেতিয়া সুষুপ্তি অৱস্থাত কাৰণত লয় হয় অৰ্থাৎ ঘোৰ নিদ্ৰাত অভিভূত হোৱা চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপৰ অংশ “ধৃ” ধাতু মন বুদ্ধি নিৰাকাৰ কাৰণত স্থিতি হয় এইকাৰণে তোমাৰ বোধাবোধ নাথাকে। আৰু যেতিয়া মন বুদ্ধিৰূপী জ্যোতিঃস্বৰূপ “ধৃ” ধাতু তোমাৰ অন্তৰত নিৰাকাৰৰ পৰা (সাকাৰ জ্যোতিঃ অৰ্থাৎ মন বুদ্ধি) সাকাৰৰূপে প্ৰকাশ হয়, তেতিয়া তোমাৰ বোধাবোধ হয়। এই জ্যোতিঃস্বৰূপ “ধৃ” ধাতুৰ দ্বাৰাই সমস্ত জগৎ ধৃত আছে আৰু তুমিও ধাৰণ কৰিছা। অতএব “ধৃ” ধাতু বিৰাট