বেদ কাক বেলে ? ৩৭
চন্দ্রমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ পৰমাত্মা ধৰ্ম্মক চিনি পৰমানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা। মানুহ মাত্ৰৰে পৰমাত্মাক নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে পূৰ্ণৰূপে ভক্তি শ্রদ্ধা সহকাৰে ধাৰণ কৰা উচিত। যাতে জ্ঞান হৈ মুক্তস্বৰূপ পৰমানন্দে থাকিব পাৰে। এই অনাদি সনাতন ধৰ্ম্মৰ পৰা অর্থাৎ পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ জগদ্গুরু মাতা পিতা পৰমাত্মাৰ পৰা বিমুখ হলেই জগতত নানা প্রকাৰ কষ্ট আৰু অশান্তি হয়। যাৰ বােধ নাই ধৰ্ম্ম কি বস্তু অর্থাৎ পৰব্ৰহ্ম বা নিজে কি বস্তু তেওঁৰ ধৰ্ম্ম বিষয়ে সত্যাসত্য বলা বা ধৰ্ম প্ৰচাৰ কৰা উচিত নহয়। যাৰ বস্তু বােধ আছে, তাৰ জ্ঞান আছে, যাৰ জ্ঞান আছে, তাৰ শান্তি আছে। সেই লোকেই ধৰ্ম্ম কি বস্তু, তাক জানে, যাৰ বস্তু বোধ নাই, তাৰ জ্ঞান নাই, যাৰ আন নাই তাৰ শান্তি নাই। সুতৰা ধৰ্ম আৰু নিজে কি বস্তু তাক কি প্ৰকাৰে জানিব । এনে মানুহৰ পৰা ধৰ্ম প্ৰচাৰ হোৱা অমঙ্গল ব্যতীত মঙ্গল হবৰ কোনাে প্রকাৰে সম্ভব নয়।
বেদ কাক বােলে ? কোনাে লােকে বােলে বেদ অনাদি ঈশ্বৰ প্রণীত, অপৰাপৰ শাস্ত্ৰ নতুন, মানব কল্পিত, ভ্রমপূর্ণ ; অতএব বেদক ঈশ্বৰৰ বাক্য বুলি মান্থ কৰি তাৰ মতে চলা উচিত। আৰু কোনােৱে বােলে যে বেদ অনাদি সঁচা কিন্তু সকলােৱে বেদৰ অৰ্থ বুজিব নােৱাৰে দেখি ঋষিসকলে বেদ অবলম্বন কৰি অন্যান্য শাস্ত্র পুৰাণ তন্ত্রাদি