ধৰ্ম্ম কাক বোলে ? ৩৫
এটা পূর্ণ আৰু সৰ্বশক্তিমান ইষ্টদেব কল্পনা কৰা, তেওঁৰ পূর্ণত্ব, সর্বশক্তি বা এটা মাত্র শক্তি এই আকাশৰ মাজত কত আছে ? 'তােমাৰ শক্তি তােমাৰে স্বৰূপ মাত্র। সেইদৰে ব্ৰহ্ম শক্তি ব্ৰহ্মৰে স্বৰূপ, ব্ৰহ্মৰ পৰা বেলেগ একো নহয় । জগতত এই যে সমস্ত নাম ৰূপ শক্তি দেখিছা ই কাৰ স্বৰূপ আৰু শক্তি ? এক মাত্র সর্বশক্তিমান পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ বাহিৰে দ্বিতীয় আৰু কাৰ স্বৰূপ আৰু নাম ৰূপ শক্তি হব পাৰে? মিছাকৈ কিয় মান, অপমান সামা- জিক স্বার্থৰ নিমিত্তে সত্যক অসত্য আৰু অসত্যক সত্য, মিত্রক শত্ৰু আৰু শত্রুকে মিত্র বােধে ভ্ৰমত পৰি আনকো ভ্ৰমত পেলাইছা ? এয়ে জগতৰ অমঙ্গলৰ কাৰণ হৈছে । সৰ্বশক্তিমান ইষ্ট দেবতা নিৰা- কাৰ সাকাৰ চৰাচৰ সৈতে অখণ্ডাকাৰে বিৰাট পূর্ণ আৰু সৰ্বশক্তি- মান ৰূপে স্বতঃ বিৰাজমান আছে । তেওঁক চিনি পূৰ্ণৰূপে উপ- সনা কৰি জগতৰ মঙ্গল স্থাপনা কৰা। নতুবা পূর্ণ উপাসনাৰ অঙ্গ- হীন আৰু জগতৰ অমঙ্গল হব।
| ধৰ্ম্ম কাক বােলে ? ধৰ্ম্ম সকলােৰে পালন কৰা কৰ্ত্তব্য। ধর্ম পালন নকৰিলে জ্ঞান আৰু মুক্তি নহয়, ধর্মহীন মনুষ্য পশুৰ সমান। অনেক সংস্কাৰ আছে যে “ধ” ধাতুৰ পৰা ধৰ্ম্ম শব্দ হৈছে। “” ধাতু অর্থাৎ যাৰ দ্বাৰাই ধৃত আছে বা ধাৰণ কৰা যায় তাকে ধর্ম বােলে। কিন্তু ধ” ধাতু (ধর্ম) কি বস্তু তাক নাজানি আৰু বিচাৰ নকৰি কেবল ধৰ্ম্ম শব্দ লৈ নানা প্রকাৰ তর্ক-বিতর্ক কৰে