পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
সাৰনিত্যক্রিয়া


দেশী ব্যষ্টি হৈ পৰে। কোনাে সর্বশক্তিমান আৰু পূর্ণ নহল দুয়ােৰে অহীন হল।
 সকলো সমাজৰ সকলােৱে বােলে যে, আমাৰ ইষ্ট দেৱতা পূর্ণ আৰু সৰ্বশক্তিমান। কিন্তু বিচাৰ কৰা উচিত যে, পূর্ণপৰব্ৰহ্ম ইষ্ট- দেৱ বিৰাট চৰাচৰ সমস্তকে লৈ পূর্ণ আৰু সৰ্বশক্তিমান, কি বিৰাট চৰাচৰ এৰি পূৰ্ণ আৰু সৰ্বশক্তিমান ? যদি বিৰাট চৰাচৰক লৈ পূর্ণ আৰু সৰ্বশক্তিমান হয় তেনে পৰব্ৰহ্মৰ পূৰ্ণ আৰু সৰ্বশক্তি- মান হােৱা সম্ভব। পূর্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপ চৰাচৰ এৰি পূর্ণ আৰু সৰ্বশক্তিমান হােৱ অসম্ভৱ। কাৰণ যাৰ কোনাে বিষয়ে কিঞ্চিন্মাত্ৰও নাম ৰূপ শক্তি প্রভৃতিৰ অভাৱ থাকে তাৰ পূৰ্ণ আৰু সর্বশক্তিমান হােৱা কেতিয়াও সম্ভৱ নহয়। এটা পূর্ণ আৰু সৰ্ব্ব- শক্তিমান সত্যৰ মাজত আৰু এটা পূর্ণ আৰু সৰ্বশক্তিমান ব ষ্টি বা কিঞ্চিৎ শক্তিমান সত্য বা অসত্য থাকিব নােৱাৰে। এই জগদগুৰু বিৰাটব্রহ্ম কাৰণ, সূক্ষ্ম, স্থূল, চৰাচৰ সকলো অঙ্গ-প্রত্যঙ্গ অর্থাৎ পৃথিবী, জল, অগ্নি, বায়ু, আকাশ, তৰাবােৰ, বিদ্যুৎ, চন্দ্রমা, আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ জীব, জন্তু, স্থাবৰ, জঙ্গম প্রভৃতি সৈতে পূর্ণ আৰু সৰ্বশক্তিমান ৰূপে অনাদি বিৰাজমান আছে। এই পূর্ণ আৰু সৰ্বশক্তিমান বিৰাটৰহ্মৰ মাজত দ্বিতীয় পূর্ণ বা ব্যষ্টি অর্থাৎ সর্বশক্তিমান বা কিঞ্চিৎ শক্তিমান ক’ত থাকিব?
  এই পূর্ণ পৃথিবীৰ মাজত আৰু এখন পৃথিবী থাকিব নােৱাৰে। ইয়াক আঁতৰালেহে থকা সম্ভৱ। সেই দৰে এই আকাশত বিৰাট পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ, সাকাৰ, কাৰণ, সূক্ষ্ম স্থূল চৰা- চৰ সৈতে সর্বশক্তিমানৰূপে বিৰাজমান আছে। যদি এওঁকে পূর্ণ আৰু সৰ্বশক্তিমান বােলা তেনে সম্ভব, নতুবা এওঁক এৰি আন