মানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা। এইটো স্বতঃসিদ্ধ যে,
এঠাইত এজন বহি থাকিলে তেওঁক নেখেদাই আন কোনাে বহিব
নোৱাৰে। একমাত্র সর্বব্যাপী বিৰাট পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ
গুৰু আত্মা মাতা-পিতা সকলো ঠাইতে পৰিপূৰ্ণ হৈ বিৰাজমান
আছে। যদি এওঁৰ বাহিৰে তােমালােকৰ দেব-দেবী বেলেগ
বেলেগ হয়, তেনেহলে তেওঁবিলাক ক’ত আছে আৰু থাকিব ?
এওঁক নেখেদালে সিহঁতে ঠাই নাপাব কিন্তু এওঁৰ আঁতৰিবৰ ঠাই
নাই । কাৰণ এওঁ সকলো ঠাইতে পৰিপূৰ্ণ আছে.। ইত্যাদি সাৰ
ভাব বুজি বিচাৰ কৰি আপােনাৰ ইষ্ট দেবতাক চিনিবৰ
ইচ্ছা কৰা।
সর্ব্বশক্তিমান পূর্ণপৰব্ৰহ্ম
পূর্ণ বৃক্ষ বুলিলে তাৰ শিপা, গুৰি, শাখা, প্রশাখা, পাত, ফুল, গুটী, সােৱাদ প্রভৃতি সকলাে প্ৰকাৰ গুণ শক্তি নামৰূপে সৈতে সৰ্বগুণ আৰু শক্তিবিশিষ্ট পূর্ণ বৃক্ষ বােলে ! তাৰ এটা মাত্র শাখা, পাত গুণ কিম্বা শক্তি বাদ দিলে পূর্ণ বৃক্ষ বােলা নাযায়, বৃক্ষৰ অঙ্গহীন হয়। সেই দৰে নিৰাকাৰ সাকাৰ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ, এক অংশ ৰূপ গুণ বা শক্তি বাদ দিলে তাক সর্বশক্তিমান পূর্ণপৰব্ৰহ্ম বােলা নাযায়, অঙ্গহীন হয়। যদি কোনােৱে নিৰাকাৰ এৰি কেবল সাকাৰ উপাসনা কৰে, কিংবা সাকাৰ এৰি কেবল নিৰাকাৰ উপাসনা কৰে তেনে পূৰ্ণৰূপে আপােনাৰ ইষ্টদেৱৰ উপাসনা কৰা নহয়। সাকাৰ একদেশী ব্যষ্টি আৰু নিৰাকাৰ এক-