পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাৰনিত্যক্রিয়া


সূৰ্য্যনাৰায়ণ দেবতা, ইয়াৰ বাহিৰে আৰু দেব-দেবী নাই, হবৰ সম্ভাবনাও নাই। শাস্ত্ৰত যে তেত্ৰিশ কোটী দেবতাৰ কল্পনা কৰিছে তাৰ অৰ্থ এই যে, ঈশ্বৰৰ সাত অঙ্গ-প্ৰত্যঙ্গৰ পৰা সকলো জীবৰ স্থূল সূক্ষ্ম শৰীৰ উৎপন্ন হৈছে, সেই নিমিত্তেই চৰাচৰ স্ত্ৰী, পুৰুষ,পশু, পক্ষী, কীট, পতঙ্গ, পিপীলিকা প্ৰভৃতিক লৈ তেত্ৰিশ কোটী দেবতাৰ কল্পনা কৰিছে। পুৰুষ মাত্ৰকে শিব আৰু স্ত্ৰীলোক মাত্ৰকে দেবী জানিবা।
  বিৰাট ব্ৰহ্ম বিষ্ণু ভগবানৰ চক্ষু সূৰ্য্য়নাৰায়ণ, চন্দ্ৰমা মন,অগ্নি মুখ, আকাশ মস্তক, বায়ু প্ৰাণ, জল নাড়ী, পৃথিবী চৰণ,এই বিৰাট ব্ৰহ্মৰ বাহিৰে বেলেগ দেব-দেবী আৰু নাই। যি ঠাইলৈ যি দ্বীপলৈ পাতাল কিম্বা আকাশ যি ফালেই যোৱা এই বিৰাট ব্ৰহ্ম এই জগত মাতা-পিতাকেহে পাবা। এওঁৰে নাম বিষ্ণু ভগবান, বিশ্বনাথ, গণপতি, দেবী আৰু সূৰ্য্যনাৰায়ণ, সাবিত্ৰী,গায়ত্ৰী, মাতা ইত্যাদি সহস্ৰ সহস্ৰ নাম কল্পনা কৰা হৈছে।ইয়াৰ বাহিৰে কাৰো বেলেগ বেলেগ ইষ্ট দেব-দেবী আৰু নাই,আৰু হবৰ সম্ভাবনাও নাই। যদি সকলোৰে ইষ্ট দেবতা একে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নহল হেতেন, তেনে কিয় সকলো শাস্ত্ৰৰ সন্ধ্যা-আহ্নিকত আৰু মুনি-ঋষিসকলে জ্ঞান আৰু মুক্তিৰ নিমিত্তে কেবল সূৰ্য্যনাৰায়ণতে সকলো দেব-দেবীৰ ধ্যান-ধাৰণা কৰিবৰ আৰু একে অগ্নিতে সকলো দেব-দেবীৰ ঈশ্বৰৰ নামে আহুতি দিবৰ বিধি কৰিছে? কেবল একমাত্ৰ নিৰাকাৰ সাকাৰ ৰূপে পূৰ্ণপৰব্ৰহ্ম সকলোৰে ইষ্ট দেবতা, সকলো ঠাইতে প্ৰত্যক্ষ বিৰাজমান আছে। যদি তোমালোকে এওঁৰ বাহিৰে আপোন দেব-দেবী বেলেগ বেলেগ ভাবা, তেনে তেওঁ কত আছে, বিচাৰি লৈ পৰ-