পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পঞ্চোপাসকৰ ভ্ৰম মীমাংসা


স্বৰূপ মাতা-পিতাক নিচিনি, পৰস্পৰৰ ইষ্ট দেবতাক বেলেগ ভাবি নিন্দা কৰিছে, আৰু আপোন ইষ্ট দেবতাক প্ৰধান বুলি ভাবিছে। কিন্তু সিহঁতে নাজানে যে, সিহঁতৰ ইষ্ট দেবতা কোন. তেওঁৰ স্বৰূপ কি, আৰু ক'ত কিৰূপে আছে।
 শৈবসকলে বিষ্ণু নামৰ নিন্দা কৰি, শিব নামৰ মান্য কৰিছে। বৈষ্ণবসকলে শিব নামৰ নিন্দা কৰি, বিষ্ণু নামৰ মান্য কৰে। এই দৰে সৌৰ, গাণপত্য আৰু শক্তি প্ৰভৃতিৰ উপাসকসকলেও আপোন আপোন ইষ্ট দেবতাৰ নামক মান্য কৰে আৰু অপৰাপৰ দেবতাৰ নামক অপূজ্য সামান্য বোধ কৰি ঘিণ কৰে।কিন্তু সিহঁতৰ এই জ্ঞান নাই যে, সকলোৰে ইষ্ট দেবতা একে নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে পৰিপূৰ্ণৰূপে সকলো ঠাইতে সৰ্ব্বদা বিৰাজমান আছে। কেবল মহাত্মাসকলে বেলেগ বেলেগ নাম মাত্ৰ কল্পনা কৰিছে কিন্তু সকলোৰে ইষ্ট দেবতা বেলেগ বেলেগ নহয়। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট পুৰুষেই সকলোৰে ইষ্ট দেবতা।
 নিৰাকাৰ ব্ৰহ্ম মনবাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ।পাঁচোটা বেলেগ বেলেগ দেবতাও নাই, পঞ্চোপাসনাও নাই।কাৰণ একমাত্ৰ নিৰাকাৰৰ পৰা সাকাৰ জগত স্বৰূপ ত্ৰিগুণাত্মাৰূপে প্ৰকাশ হৈ, বিৰাট ব্ৰহ্ম প্ৰত্যক্ষ স্বতঃ প্ৰকাশমান আছে, তেওঁতে সকলো প্ৰকাৰৰ উপাধি আৰু শব্দাৰ্থৰ বিচাৰ হব পাৰে।
 একমাত্ৰ বিৰাট ব্ৰহ্ম জগদাত্মা জগত স্বৰূপে বিস্তৃত আছে।তেওঁৰ বাহিৰে আন কোনো নাই আৰু হবৰ সম্ভাবনাও নাই।এই বিৰাট জগত মাতা-পিতাৰ অঙ্গ-প্ৰত্যঙ্গকে শাস্ত্ৰত দেব-দেবী বোলে। যথা পৃথিবী দেবতা, জল দেবতা, অগ্নি দেবতা, বায়ু দেবতা,তাৰা দেৱতা, আকাশ দেবতা, চন্দ্ৰমা দেবতা, বিদ্যুৎ দেৱতা,