২৮ সাৰনিত্যক্রিয়া
কষ্ট নোপােৱা । যেতিয়া জ্ঞান হব তেতিয়া গৈত বা অজৈত, নিৰা- কাৰ বা সাকাৰ, নিগুণ বা সগুণ সকল প্রকাৰৰ প্ৰম গু চ শান্তি পাবা। শত লেখা আছে “ভ্রান্তিবদ্ধো ভবেৎ জীব ভ্রান্তিমুক্তঃ সদাশিবঃ”। ভ্রান্তিদাৰা অবিদ্ধ অবস্থাত জীব সংজ্ঞা, আৰু ভ্রান্তি মুক্ত অবস্থাত শিব অর্থৎ পৰব্ৰহ্ম সংজ্ঞা জানিবা । ভ্রান্তিমুক্ত অবতা পালে কাৰে সৈতে কাৰে বিৰোধ ভাব নাথাকি, সকলোৱে শান্তি পাব আৰু জগত মঙ্গল হব।
নিৰাকাৰ নিগুণ আৰু সাকাৰ সগুণ
অগ্নিদেব অপ্ৰকাশৰূপে অর্থাৎ নিৰাকাৰ নিগুণভাবে সকলাে
ঠাইতে সকলাে বস্তুতে বিৰাজমান আছে কিন্তু দেখি পােৱা নাযায়।
যেতিয়া কাঠ, লাে, শিল বা দিয়াছলাই প্রভৃতি বহা যায় তেতিয়া
অগ্নিদেব নিৰাকাৰ নিগুণৰ পৰা সকলাে প্ৰকাৰৰ শক্তি নামৰূপ
লৈ সাকাৰ সগুণৰূপে প্রকাশ হয় আৰু সকলাে প্ৰকাৰৰ ক্রিয়া
কৰে । প্রকাশ শক্তিৰ গুণত এন্ধাৰ গুচে, উষ্ণতাৰ গুণত উত্তপ্ত
হয়, ধোৱাৰ পৰা মেঘ হৈ বৃষ্টি হয় । হালধীয়া বৰ্ণ শক্তিৰ গুণত
তামসিক কাৰ্য্য হয় । ৰঙা বর্ণ শক্তিৰ গুণত ৰাজসিক কৰ্ম্ম হয়
আৰু বগা বর্ণ শক্তিৰ গুণত সাত্ত্বিক কাৰ্য্য হয়। অগ্নিদেবে চেতন-
গুণ শক্তিৰ দ্বাৰাই তেল সলিতা প্রভৃতি সকলাে বস্তু খায়। অর্থাৎ
স্থূল ব্ৰহ্মাণ্ডক ভষ্ম বা ৰূপান্তৰ কৰি নিগুণ কাৰণত স্থিতি হয়।
এইসকল নানা নাম ৰূপ, শক্তি, গুণ প্রকাশ হােৱাত তেওঁৰ
সাকাৰ সগুণ নাম কল্পনা কৰা হৈছে । যেতিয়া স্থল ব্ৰহ্মাণ্ডক