পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
নিৰাকাৰ নিৰ্গুণ আৰু সাকাৰ সগুণ


ভষ্ম কৰি অদৃশ্য হয় অৰ্থাৎ সকলো প্ৰকাৰ নাম, ৰূপ, শক্তি, গুণ আপোনাতে লয় কৰি নিৰাকাৰ নিৰ্গুণ কাৰণত স্থিতি হয়, তেতিয়া তেওঁৰ নিৰাকাৰ নিৰ্গুণ নাম কল্পনা কৰা হয়। এই দৰে পূৰ্ণপৰ- বহ্ম জ্যোতিঃস্বৰূপৰ নিৰাকাৰ নিৰ্গুণ আৰু সাকাৰ সগুণ বিষষৰ সাৰ ভাব গ্ৰহণ কৰিবা।

 যিজন নিৰাকাৰ নিৰ্গুণ পূৰ্ণপৰব্ৰহ্ম, সেই জনেই সাকাৰ সগুণ জগতস্বৰূপে বিস্তাৰ হৈছে। আৰু যিজন সাকাৰ জগতস্বৰূপ সেই জনেই স্বৰূপত নিৰাকাৰ নিৰ্গুণ অনাদিকালৰ পৰা বিৰাজমান আছে। অৰ্থাৎ নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে সমূহ শক্তি গুণ, নাম, ৰূপ, ক্ৰিয়া সৈতে পৰিপূৰ্ণৰূপে নিৰাকাৰ ভাবে বিৰাজমান আছে। তেওঁত এই সকলো নাথাকিলে এইসকল শক্তি গুণ নাম ৰূপ ক’ৰ পৰা আহিব? যেতিয়া তুমি গাঢ় নিদ্ৰা যোৱা তেতিয়া তোমাৰ গুণ ক্ৰিয়া প্ৰকাশ নথকাত তোমাক নিৰাকাৰ নিৰ্গুণ বোলা যায়। যেতিয়া তুমি জাগৰিত হোৱা তেতিয়া তোমাৰ লগতে নানা প্ৰকাৰ গুণ ক্ৰিয়া অৰ্থাৎ বল, বুদ্ধি, শক্তি, জ্ঞান, বিজ্ঞান প্ৰকাশ পায়, তেতিয়া তোমাক সাকাৰ সগুণ বোলা যায়। কিন্তু তুমি জাগৰিত নিদ্ৰিত দুয়ো অবস্থাতে সকলো প্ৰকাৰ গুণ ক্ৰিয়া সৈতে একেজনেই যি বস্তু সেই বস্তুৱেই থাকা। স্বৰূপ পক্ষত তোমাৰ মাজত জাগ- ৰিত নিদ্ৰিত নিৰাকাৰ নিৰ্গুণ বা সাকাৰ সগুণ কোনো প্ৰকাৰৰ উপাধি নাই। এইদৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতাৰ নিৰাকাৰ নিৰ্গুণ সাকাৰ সগুণ ভাব বুজিবা।

 জ্ঞানবান পুত্ৰ-কন্যাৰ এনে ভবা উচিত নহয় যে মোৰ মাতা-পিতাৰ শয়নাবস্থা নিৰাকাৰ নিৰ্গুণ কাৰণ অবস্থা, এয়েই মাতা-পিতাৰ স্বৰূপাবস্থা, মাতা-পিতাৰ এই অৱস্থাক মান্য ভক্তি