পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৬ সাৰনিত্যক্রিয়া

অদ্বৈত, সাকাৰ সগুণ দ্বৈতভাবে উপাসনা নকৰে। কেবল মাত্র আপােন পক্ষ সমর্থনৰ নিমিত্তে শব্দার্থ লৈ তর্ক বিতর্ক আৰু বিৰােধ কৰি জগতৰ অমঙ্গলৰ কাৰণ হৈছে । নিজেও ভ্রষ্ট হৈছে আনকো সত্য ধৰ্ম্মৰ পৰা ভ্রষ্ট কৰিছে, কোনেও সৰিবস্তুৰ ফালে লক্ষ্য নাৰাখে। কিন্তু যি ভক্তই আপােনাৰ ইষ্টদেব পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিক নিৰাকাৰ, নিগুণ, তদ্বৈতভাবে অথবা সাকাৰ, সগুণ, দ্বৈতভাবে, যি ভাবেই হওক যথার্থ সাৰ বস্তু পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ প্রতি লক্ষ্য ৰাখি ভক্তিৰে উপাসনা কৰিব তাৰ অজ্ঞানতা আৰু ভ্ৰম দূৰ হবই হব আৰু তেওঁ নিশ্চয়ে শান্তি পাব, কাৰে সৈতে বিৰােধ নেথাকিব আৰু তেওঁৰ পৰা জগতৰ মঙ্গল ব্যতীত কেতিয়াও অমঙ্গল নহব । | স্বৰূপ পক্ষত পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপত দৈত বা অদ্বৈত, নিৰাকাৰ বা সাকাৰ, নিগুণ বা সগুণ প্রভৃতি উপাধি একেবাৰেই নাই। তেওঁ অনাদি কালৰে পৰা পৰিপূৰ্ণৰূপে অখণ্ডাকাৰে অনাদি অনন্তৰূপে যেনে তেনেই দ্যিমান আছে । কেবলমাত্র জ্ঞানী লােকে অজ্ঞান অবস্থাত থকা লোকসকলৰ উপাসনা কৰি জ্ঞান আৰু মুক্তি হবৰ নিমিত্তে দ্বৈত বা অদৈত নিৰাকাৰ বা সাকাৰ নি গুণ বা সগুণ আদি ভাব জ্যোতিঃস্বৰূপ মাতা-পিতাত কল্পনা কৰিছে। পাছে জ্ঞান কলে নিজেই সাৰ ভাব বুজি লব। যেনে পিতাৰ পৰা পুত্র-কন্যাৰ জন্ম হয়, কিন্তু যেতিয়া পুত্র-কন্যাৰ জন্ম হােৱা নাই তেতিয়া পিতা যি বস্তু সেয়েই আছিল, তাৰ মাজত দ্বৈত বা অদ্বৈত ভাব নাছিল, পিতা শব্দ নাম নাছিল, আৰু পুত্র-কন্যা শব্দ নাম নাছিল। কিন্তু যেতিয়া পিতাৰ পৰা পুত্র-কন্যা উৎপন্ন হল তেতিয়া পিতা আৰু পুত্র কন্যা নাম উপাধি কল্পনা কৰা হল আৰু পিতা,